উকমুকৰ পোৱালি
From Wikipedia, the free encyclopedia
উকমুকৰ পোৱালি অসমীয়া ভাষাৰ জতুৱা ঠাঁচ ইয়াক কেতিয়াবা ধেমেলিয়া বা খুহুটিয়া, কেতিয়াবা ব্যংগোক্তি বা কেতিয়াবা বক্ৰোক্তি হিচাবে ব্যৱহাৰ কৰা হয়। সমাৰ্থক অন্য জটুৱা ঠাঁচ হৈছে ঘোঁড়াৰ ডিম বা অশ্বডিম্ব, শিয়ালৰ শিং আদি৷[উদ্ধৃতিৰ প্ৰয়োজন]
পৃথিৱীৰ অন্যান্য ভাষা, জাতি বা বিভিন্ন সমাজ বা গোটৰ মাজতো সমাৰ্থক উক্তি বা প্ৰকাশ পোৱা যায়। পশ্চিমীয়া পদাৰ্থবিদৰ মাজত প্ৰচলিত ওফোন্দা গৰু বা গোলাকাৰ গৰু (spherical cow), পূৰ্বৰ চোভিয়েট ৰাচিয়াৰ ষ্টেলিনৰ কালৰ ভুৱা কৃষিবিজ্ঞানী ট্ৰমফিম লাইছেংক' (Trofim Lysenko) -অৰ ভুৱা কৃষি গৱেষণাক উপলুঙা কৰি লাইছেংক'ইজ্ম্ আদি। অৱশ্যে এই উক্তিবোৰ প্ৰসংগ আৰু পৰিৱেশ সাপেক্ষ, উপযুক্ত পৰিৱেশ, প্ৰসংগ বা কিছুমানৰ ক্ষেত্ৰত ভাষাত প্ৰয়োগ কৰিলেহে ই অৰ্থবহ হয় আৰু হাস্যৰসাত্মক বা ব্যংগাত্মক হয়।