উত্তৰণৰ বিধি
From Wikipedia, the free encyclopedia
উত্তৰণৰ বিধি বা ৰিট অৱ পেচেজ হ’ল পৰিৱৰ্তনৰ এক পৰ্ব বা আচাৰ যিটো তেতিয়া সংঘটিত হয় যেতিয়া কোনো ব্যক্তিয়ে এটা গোট এৰি আন এটা গোটত প্ৰৱেশ কৰে। ইয়াৰ লগত সমাজৰ মৰ্যাদাৰ উল্লেখযোগ্য পৰিৱৰ্তন জড়িত হৈ আছে। সাংস্কৃতিক নৃতত্ত্বত এই শব্দটো হৈছে ফৰাচী শব্দ Les rites de passage,ৰ ইংৰাজীকৰণ ৰিট ডি পেচেজ, যিটো নৃতাত্ত্বিক আৰ্নল্ড ভান গেনেপে তেওঁৰ দ্য ৰাইটছ অৱ পেচেজ নামৰ গ্ৰন্থত উদ্ভাৱন কৰিছিল।[1] এই শব্দটো এতিয়া নৃতত্ত্বৰ লগতে বহু আধুনিক ভাষাৰ সাহিত্য আৰু জনপ্ৰিয় সংস্কৃতিতো সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হৈছে।