উৰ্মিলা মাটোণ্ডকাৰ
From Wikipedia, the free encyclopedia
উৰ্মিলা মাটোণ্ডকাৰ (ইংৰাজী: Urmila Matondkar ; জন্ম: ৪ ফেব্ৰুৱাৰী ১৯৭৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ।[2] মূলতঃ হিন্দী ছবিৰ কামৰ বাবে পৰিচিত মাটোণ্ডকাৰে তেলেগু, মালয়ালম, মাৰাঠী আৰু তামিল ছবিৰ উপৰিও ফিল্মফেয়াৰ আৰু নন্দী বঁটাকে ধৰি বহু বঁটা-বাহন লাভ কৰিছে। পৰ্দাত এক স্বকীয় ব্যক্তিত্ব প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকী তেওঁৰ নৃত্য দক্ষতাৰ বাবেও পৰিচিত।[3][4]
উৰ্মিলা মাটোণ্ডকাৰ | |
---|---|
২০১৫ চনত মাটোণ্ডকাৰ | |
জন্ম | ০৪ ফেব্ৰুৱাৰী, ১৯৭৪ (৫০ বছৰ)[1] মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৭৭-বৰ্তমানলৈ |
ৰাজনৈতিক দল |
|
দাম্পত্যসঙ্গী | মহছিন আখটাৰ মীৰ (বি. ২০১৬) |
১৯৭৭ চনৰ ছবি কৰ্মত শিশুশিল্পী ৰূপে অভিষেক ঘটাৰ পিছত[5] মাটোণ্ডকাৰে মাছুম (১৯৮৩) ছবিৰে ব্যাপক স্বীকৃতি লাভ কৰে। তাৰ পিছত তেওঁ আন কেইখনমান ছবিত অভিনয় কৰে। তেওঁ প্ৰথম মুখ্য চৰিত্ৰ অভিনয় কৰে মালয়ালম ছবি চানকিয়ানত (১৯৮৯)। হিন্দী ছবিত তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰ নৰসিংহত (১৯৯১)। দুয়োখনেই ব্যৱসায়িকভাৱে সফল হয়।
সাময়িক বিপৰ্যয়ৰ পিছত মাটোণ্ডকাৰে ৰোমাঞ্চ ছবি ৰংগিলা (১৯৯৫), ড্ৰামা ছবি জুদাই (১৯৯৭), অপৰাধমূলক ছবি সত্য (১৯৯৮), ৰোমান্টিক কমেডী খুবছুৰত (১৯৯৯), আৰু থ্ৰিলাৰ জংগল (২০০০) আদিৰ জৰিয়তে নিজকে এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে। .তেওঁ এন্থাম (১৯৯২), গায়ম (১৯৯৩),ইণ্ডিয়ান (১৯৯৬) আৰু অনাগানাগা ওকা ৰোজুত (১৯৯৭) অভিনয় কৰি তেলেগু আৰু তামিল চলচ্চিত্ৰতো সফলতা লাভ কৰে।[6][7] মাটোণ্ডকাৰে কেইবাখনো চাইকো-থ্ৰিলাৰ আৰু হৰৰ ছবিত ভিন্নমুখী চৰিত্ৰ অভিনয় কৰি সমালোচকৰ স্বীকৃতি পাইছে। তেনেকুৱা ছবি কেইখনমান হ’ল- কৌন (১৯৯৯), প্যাৰ তুনে ক্যা কিয়া (২০০১), ভুত (২০০৩) আৰু এক হাচিনা থী (২০০৪); য’ত তেওঁ ক্ৰমে চিৰিয়েল কিলাৰ, আবেগিক প্ৰেমিকা, ভুতগ্ৰস্থ মহিলা আৰু প্ৰতিশোধ পৰায়ণ ব্যক্তিৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। এই বছৰবোৰত তেওঁ আৰ্ট-হাউছ চিনেমাৰ স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ তেহজীব (২০০৩),পিঞ্জৰ (২০০৩), মেইনে গান্ধীকো নেঁহি মাৰা আদি ছবিতো অভিনয় কৰে।[8]
চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ বহুতো মানৱীয় কামৰ সৈতে জড়িত। মহিলা আৰু শিশুৱে সন্মুখীন হোৱা সমস্যাৰ বিষয়েও তেওঁ সৰব। কনচাৰ্ট আৰু ষ্টেজ শ্ব’ত অংশগ্ৰহণ কৰাৰ উপৰিও ঝলক দিখলা যা (২০০৭) আৰু ডি.আই.ডি. ছুপাৰ মমছকে (২০২২)ক ধৰি বিভিন্ন নৃত্য ৰিয়েলিটি শ্ব'ৰ বিচাৰক হিচাপে দায়িত্ব লৈছে।