কাছ
From Wikipedia, the free encyclopedia
কাছ এবিধ সৰীসৃপ প্ৰাণী। ইহঁতে পানী আৰু মাটি উভয়ত বাস কৰে। ইয়াৰ শৰীৰৰ উপৰিভাগ কঠিন খোলাৰে আবৃত থাকে যি ইহঁতৰ শৰীৰক বিভিন্ন পৰিস্থিতিত ৰক্ষা কৰে। কাছ পৃথিৱীৰ প্ৰাচীনতম প্ৰাণীবোৰৰ ভিতৰত অন্যতম। বৰ্তমানে কাছৰ প্ৰায় ৩০০ প্ৰজাতি পৃথিৱীত পোৱা যায়, তাৰে কিছুমান প্ৰজাতি বিলুপ্তিৰ পথত। কাছয়ে বিভিন্ন পৰিস্থিতিত তাৰ নিজৰ শৰীৰৰ অভ্যন্তৰীণ তাপমাত্ৰা পৰিৱৰ্তন কৰিব পাৰে, সাধাৰণতে এনেধৰণৰ প্ৰাণীক শীতলৰক্তী প্ৰাণী বোলা হয়। কাছৰ অনেক প্ৰজাতি পানীত বা পানীৰ আশে-পাশে বাস কৰিলেও ইহঁতে মাটিত কণী পাৰে। কাছ (Tortoise) Testudines বৰ্গৰ অন্তৰ্গত মাটিত বসৱাসকাৰী সৰীসৃপ। ই কেই চেঃমিঃৰ পৰা ২ মিটাৰ পৰ্যন্ত হব পাৰে। ইহঁত ঘাইকৈ দিনত সক্ৰিয় থাকে কিন্তু তাপমাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি গধূলিতো সক্ৰিয় হব পাৰে। কাছ এবিধ অকলশৰীয়াকৈ থাকি ভাল পোৱা প্ৰাণী। যদিও “Tortoise” শব্দটো জীৱবিজ্ঞানীসকলে Testudinidae গোত্ৰৰ প্ৰাণীবোৰক বুজাবলৈ ব্যৱহাৰ কৰে তথাপি সাধাৰণতে স্থলত বাস কৰা বোৰক Testudines ৰে বুজোৱা হয়।[1]
কাছ জীৱাশ্ম কাল: Eocene–Recent প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Reptilia |
বৰ্গ: | Testudines |
পৰিয়াল: | Testudinidae |
উপপৰিয়াল: | Testudinoidea |
Diversity | |
১৪টা জীৱিত গোত্ৰৰ আনুমানিক ৩০০টা প্ৰজাতি | |
কাছৰ বিস্তৃতি |