কৃত্ৰিম উপগ্ৰহ
From Wikipedia, the free encyclopedia
কৃত্ৰিম উপগ্ৰহ (ইংৰাজী: satellite) হৈছে মহাকাশলৈ বৈজ্ঞানিক পদ্ধতিৰে উৎক্ষেপণ কৰা উপগ্ৰহ। বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক সা-সুবিধা লাভৰ বাবে ইয়াক উৎক্ষেপণ কৰা হয়। মহাকাশলৈ প্ৰথমে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছিল ছোভিয়েট ইউনিয়নে। ১৯৫৭ চনৰ ৪ অক্টোবৰত উৎক্ষেপণ কৰা স্পুটনিক-১ নামৰ উপগ্ৰহটোৱেই প্ৰথমটো কৃত্ৰিম উপগ্ৰহ।