কৰ্ণ (মহাভাৰত)
মহাভাৰতৰ চৰিত্ৰ / From Wikipedia, the free encyclopedia
কৰ্ণ (সংস্কৃত: कर्ण ) হৈছে পুৰণি ভাৰতৰ হিন্দু মহাকাব্য মহাভাৰতত বৰ্ণিত এটা কেন্দ্ৰীয় চৰিত্ৰ। তেওঁ অংগ ৰাজ্যৰ (বৰ্তমান ভগলপুৰ আৰু মুগেৰ) অধিপতি আছিল। কৰ্ণ আছিল এজন মহান বীৰ, যাৰ বীৰত্বৰ গাঁথা বহু চৰ্চিত আছিল আৰু ভগৱান কৃষ্ণ আৰু ভীষ্ম পিতামহৰ মতে যুদ্ধক্ষেত্ৰত অৰ্জুনক পৰাস্ত কৰিবপৰা একমাত্ৰ যোদ্ধা আছিল। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ৰজাসকলক পৰাস্ত কৰি, দুৰ্যোধনক বিশ্বৰ একচ্ছত্ৰী সম্ৰাট ৰূপে প্ৰতিষ্ঠা কৰিবলৈ একমাত্ৰ তেওঁ অকলেই দিগ্বিজয় যাত্ৰা সম্পন্ন কৰিছিল। তেওঁ বৈষ্ণৱ ত্যাগৰ ধ্বজাবাহক আছিল। কৰ্ণ সূৰ্য দেৱতা আৰু কুন্তীৰ পুত্ৰ আছিল। কুন্তী পাণ্ডুলৈ বিবাহ হোৱাৰ পূৰ্ৱেই কৰ্ণৰ জন্ম হৈছিল। লোকলজ্জাৰ ভয়ত কুন্তীয়ে তেওঁক গংগা নদীত উটুৱাই দিছিল আৰু পুত্ৰহীন দম্পতী অধিৰথ-ৰাধিকাই তেওঁক লালন-পালন কৰি ডাঙৰ কৰিছিল। কালক্ৰমত তেওঁ দুৰ্যোধনৰ পৰম মিত্ৰ ৰূপে পৰিগণিত হৈছিল আৰু বিখ্যাত কুৰুক্ষেত্ৰ মহাসমৰত দুৰ্যোধনৰ পক্ষৰ হৈ পাণ্ডৱৰ (তেওঁৰ ভাতৃ) বিপক্ষে যুদ্ধ কৰিছিল। কৰ্ণাল নগৰ, বৰ্তমান হাৰিয়ানা কৰ্ণই প্ৰতিষ্ঠা কৰা বুলি বিশ্বাস কৰা হয়। কৰ্ণ, মহাবলী, হৰিচন্দ্ৰ হৈছে হিন্দত্বৰ তিনিটা অতি বিখ্যাত ব্যক্তিত্ব, যি দান কৰাৰ কৃতিত্বৰে মহীয়ান। তেওঁলোকৰ ত্যাগ, সাহস, দান আৰু নিস্বাৰ্থতাৰ কথা প্ৰায়ে উল্লেখ কৰা হয়।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |