খাদ্য
From Wikipedia, the free encyclopedia
খাদ্য হৈছে জীৱৰ পুষ্টিত সহায়তা প্ৰদানৰ বাবে খোৱা কিছুমান পদাৰ্থ[1]। খাদ্যত সাধাৰণত উদ্ভিদ বা প্ৰাণীজ উৎস থাকে আৰু প্ৰয়োজনীয় পুষ্টি উপাদান যেনে শৰ্কৰা, চৰ্বী, প্ৰটিন, ভিটামিন বা খনিজ লৱণ থাকে। শক্তি আহৰণ, জীৱন ধাৰণ আৰু বৃদ্ধি উদ্দীপনৰ বাবে জীৱই বা জীৱকোষে খাদ্য গ্ৰহণ কৰে।
ঐতিহাসিকভাৱে, মানুহে দুটা পদ্ধতিৰ মাধ্যমেৰে খাদ্য সুৰক্ষা কৰিছিল: চিকাৰ আৰু সংগ্ৰহ আৰু কৃষিকাৰ্যৰ দ্বাৰা, ফলত আধুনিক মানুহ প্ৰধানকৈ সৰ্বভক্ষী হয়। বিশ্বজুৰি মানৱ সমাজে ঔষধি, মছলা আদিকে ধৰি খাদ্যৰ বিভিন্ন প্ৰকাৰৰ কৌশল আৰু অসংখ্য ৰন্ধন প্ৰকৰণ আৱিষ্কাৰ কৰিছে।
বৰ্তমান, বিশ্বৰ ক্ৰমবৰ্ধমান জনসংখ্যাৰ বাবে প্ৰয়োজনীয় খাদ্যশক্তিৰ সিংহভাগেই খাদ্য শিল্পই সৰবৰাহ কৰে। খাদ্য সুৰক্ষা আৰু খাদ্য সংৰক্ষণ International Association for Food Protection, World Resources Institute, World Food Programme, Food and Agriculture Organization, আৰু International Food Information Councilৰ দৰে সংস্থাৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হয়। এই সংস্থাবোৰে খাদ্যৰ স্থায়িত্ব, জৈৱ বৈচিত্ৰ্য, জলবায়ু পৰিবৰ্তন, পুষ্টি অৰ্থনীতি, জনসংখ্যা বৃদ্ধি, জল সৰবৰাহ আৰু উপলভ্যতাৰ দৰে বিষয়সমূহ পৰিচালনা কৰে।