ঘৰচিৰিকা
From Wikipedia, the free encyclopedia
ঘৰচিৰিকা বা ঘনচিৰিকা (ইংৰাজী: House Sparrow, বৈজ্ঞানিক নাম: Passer domesticus) হৈছে Passeridae গোত্ৰৰ বিশ্বৰ প্ৰায় সকলো ঠাইতে দেখিবলৈ পোৱা সৰু আকাৰৰ চৰাই। এই চৰাইবিধ মানুহৰ সৈতে বসবাস কৰাত বিশেষভাৱে অভ্যস্ত। ইহঁতক নগৰ-চহৰ আৰু গাঁৱে-ভূঞে সকলোতে বসবাস কৰা দেখা যায়। ঘৰচিৰিকাই মূলতঃ গুটি, পোক-পতংগ আদি খাই জীয়াই থাকে। ঘৰচীয়া মেকুৰী, ফেঁচা আদি ইহঁতৰ প্ৰধান ভক্ষক (predator)।
ক্ষিপ্ৰ তথ্য ঘৰচিৰিকা, সংৰক্ষণ স্থিতি ...
ঘৰচিৰিকা | |
---|---|
অষ্ট্ৰেলিয়াত এটা মতা ঘৰচিৰিকা চৰাই | |
ইংলেণ্ডত এটা মতা ঘৰচিৰিকা চৰাই | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Passeridae |
গণ: | Passer |
প্ৰজাতি: | Passer domesticus |
বৈজ্ঞানিক নাম | |
Passer domesticus (Linnaeus, 1758) | |
Native range Introduced range | |
সমাৰ্থক[2] | |
Fringilla domestica Linnaeus, 1758 |
বন্ধ কৰক