চু টং
চীনা ঔপন্যাসিক / From Wikipedia, the free encyclopedia
টং ঝংগুই (ইংৰাজী: Tong Zhonggui; চীনা: 童忠贵; জন্ম: ২৩ জানুৱাৰী, ১৯৬৩) এগৰাকী চীনা ঔপন্যাসিক। তেওঁ সাধাৰণতে চু টং নামেৰেহে পৰিচিত। চু টং তেওঁৰ কলম নাম। টঙে চুঝৌত জন্মগ্ৰহণ কৰিছিল আৰু বৰ্তমান তেওঁ নানজিঙত বাস কৰে।[1]
ক্ষিপ্ৰ তথ্য টং ঝংগুই, জন্ম ...
টং ঝংগুই | |
---|---|
জন্ম | জানুৱাৰী ১৯৬৩ (বয়স ৬১)
চুঝৌ, জিয়াংচু, চীন |
ছদ্মনাম | চু টং (চীনা: 苏童) |
পেচা | ঔপন্যাসিক |
ভাষা | চীনা ভাষা |
ৰাষ্ট্ৰীয়তা | চীনা |
মাতৃশিক্ষায়তন | বেইজিং নৰমেল ইউনিভৰচিটি |
সময় | ১৯৮০ চনৰপৰা বৰ্তমানলৈ |
ধৰণ | উপন্যাস |
উল্লেখনীয় কৰ্মৰাজি | য়েল্লবাৰ্ড ষ্ট’ৰি |
উল্লেখযোগ্য বঁটা | ৯ম মাও ডুন লিটাৰেচাৰ প্ৰাইজ ২০১৫ 'য়েল্লবাৰ্ড ষ্ট’ৰি' |
বন্ধ কৰক
১৯৮০ চনত তেওঁ বেইজিং নৰ্মাল বিশ্ববিদ্যালয়ৰ চীনা বিভাগত আছিল। ১৯৮৩ চনৰপৰা তেওঁৰ উপন্যাসসমূহ প্ৰকাশ পায়। বৰ্তমান তেওঁ জিয়াংচু ৰাইটাৰ্ছ এছ’চিয়েচনৰ উপ-সভাপতি।[2] নিজৰ বিতৰ্কিত লেখন শৈলীৰ বাবে জনাজাত চু চীনৰ এগৰাকী অন্যতম প্ৰশংসিত ঔপন্যাসিক।[3]