ডিম্ব কোষ
অসমজননকোষী প্ৰাণীৰ স্ত্ৰী জনন কোষ / From Wikipedia, the free encyclopedia
"ডিম্ব" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। আন ব্যৱহাৰৰ বাবে, ডিম্ব (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
ডিম্ব কোষ, ব ডিম্বাণু বেছিভাগ অসমজননকোষী প্ৰাণীৰ স্ত্ৰী জনন কোষ। অসমজননকোষী প্ৰাণীয়ে এটা ডাঙৰ "স্ত্ৰী" জননকোষ আৰু এটা "সৰু" পুং জননকোষেৰে যৌন প্ৰজনন কৰে। স্ত্ৰী জননকোষ চলনশীল নহ'লে ডিম্বাণু শব্দটো ব্যৱহাৰ কৰা হয়। পুং জননকোষ চলনশীল হ'লে এনে যৌন প্ৰজননক "ওগেমাছ" বোলা হয়।
ক্ষিপ্ৰ তথ্য ডিম্ব কোষ, সবিশেষ ...
ডিম্ব কোষ | |
---|---|
চাৰিওকাষৰ ক'ৰণা ৰেডিয়াটাৰে এটা মানৱ ডিম্ব কোষ | |
সবিশেষ | |
চিনাক্তকাৰক | |
লেটিন | Ovum |
গ্ৰীক | wápio (oário) |
MeSH | D010063 |
FMA | 67343 |
দেহতাত্ত্বিক পৰিভাষা |
বন্ধ কৰক
নিষেচন প্ৰক্ৰিয়াৰ দ্বাৰা ডিম্বাণু আৰু শুক্ৰাণু লগ হ'লে ভ্ৰূণ নামৰ দ্বিগুণ কোষৰ সৃষ্টি হয়। এই কোষৰ বৰ্ধন হৈ নতুন জীৱ হৈ পৰে।