দক্ষিণ আমেৰিকা
মহাদেশ / From Wikipedia, the free encyclopedia
দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। ই হৈছে চতুৰ্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ পাছতেই ইয়াৰ স্থান। বিষুবৰেখা আৰু মকৰক্ৰান্তিৰ দুয়োফালে ইয়াৰ বিস্তৃতি। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (ইংৰাজী: The Americas) বোলা হয়।
ক্ষিপ্ৰ তথ্য মাটিকালি, জনসংখ্যা ...
মাটিকালি | 17,840,000 km2 (6,890,000 sq mi) |
---|---|
জনসংখ্যা | 385,742,554 (2008, পঞ্চম) |
জনঘনত্ব | 21.4 per km2 (56.0 per sq mi) |
বাসিন্দা | দক্ষিণ আমেৰিকান, আমেৰিকান[1] |
দেশসমূহ | 12 (তালিকা) |
অধীনস্থ অঞ্চলসমূহ | 3 |
ভাষাসমূহ | স্পেনিছ, পৰ্টুগীছ, ইংৰাজী, ফৰাচী আদি |
সময় অঞ্চলসমূহ | UTC-2 ৰ পৰা UTC-5 লৈ |
বৃহত্তম নগৰসমূহ |
বন্ধ কৰক