দ্য ৱে'ল্থ অৱ নেশ্বন্স
From Wikipedia, the free encyclopedia
এন এনকুৱাইৰি ইণ্টু দ্য নেচাৰ এণ্ড কজেচ অৱ দ্য ৱে'ল্থ অৱ নেশ্বন্স (ইংৰাজী: An Inquiry into the Nature and Causes of the Wealth of Nations), বা চমুকৈ দ্য ৱে'ল্থ অৱ নেশ্বন্স (ইংৰাজী: The Wealth of Nations), হৈছে স্কটলেণ্ডৰ অৰ্থনীতিবিদ আৰু মানৱ দাৰ্শনিক এডাম স্মিথৰ আটাইতকৈ অধিক চৰ্চিত গ্ৰন্থ। ১৭৭৬ত প্ৰকাশিত এই গ্ৰন্থ বিশ্বৰ প্ৰথম এনে গ্ৰন্থসমূহৰ অন্যতম যিয়ে কোনো ৰাষ্ট্ৰৰ সম্পদ বৃদ্ধিৰ প্ৰক্ৰিয়াৰ ব্যাখ্যা কৰে। এই গ্ৰন্থ ধ্ৰুপদী অৰ্থনীতিৰ এক মূল কৰ্ম। ঔদ্যোগিক বিপ্লৱৰ আৰম্ভণিতে প্ৰকাশিত এই গ্ৰন্থত শ্ৰমৰ বিভজন, উৎপাদনক্ষমতা আৰু মুক্ত বজাৰৰ দৰে বিভিন্ন বিষয় সন্নিৱিষ্ট।[1]
ক্ষিপ্ৰ তথ্য দ্য ৱে'ল্থ অৱ নেশ্বন্স, লেখক ...
দ্য ৱে'ল্থ অৱ নেশ্বন্স | |
---|---|
লেখক | এডাম স্মিথ |
দেশ | স্কটলেণ্ড, গ্ৰেট ব্ৰিটেইন |
ভাষা | ইংৰাজী |
প্ৰকাৰ | অৰ্থনীতি, দৰ্শন |
প্ৰকাশক | W. Strahan and T. Cadell, London |
প্ৰকাশ | ১৯৭৬ |
বন্ধ কৰক