বহুপতি প্ৰথা
From Wikipedia, the free encyclopedia
বহুপতি প্ৰথা (ইংৰাজী: Polyandry) হৈছে এক প্ৰকাৰৰ বহুবিবাহ য'ত এগৰাকী মহিলাৰ একে সময়তে দুই বা ততোধিক স্বামী থাকে।[1] বহুপতি হৈছে বহুস্ত্ৰী বিবাহৰ বিপৰীত, য'ত এজন পুৰুষৰ দুই বা ততোধিক স্ত্ৰী থাকে। এক প্ৰতিবেদন অনুসৰি এই পৃথিৱীত, ৫০তকৈও অধিক সমাজে বহুপতি প্ৰথা অনুশীলন কৰে।[2] নেপাল আৰু চীনৰ কিছু অংশত তিব্বতীসকলৰ মাজত ভ্ৰাতৃত্বপূৰ্ণ বহুপতিত্বৰ প্ৰচলন দেখা যায়, য'ত দুই বা ততোধিক ভাতৃ একে পত্নীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, আৰু পত্নীয়ে তেওঁলোকৰ সৈতে সমান যৌন সম্বন্ধৰ অধিকাৰ লাভ কৰে।[3][4] ই এক সাংস্কৃতিক বিশ্বাস যে এটা শিশুৰ একাধিক পিতৃ থাকিব পাৰে[2] আৰু কেতিয়াবা থকাটো সুবিধাজনক।
অভাৱপূৰ্ণ সমাজবোৰত বহুপতি হোৱাৰ সম্ভাৱনা অধিক বুলি বিশ্বাস কৰা হয়। ই মানুহৰ জনসংখ্যা বৃদ্ধি সীমিত কৰে আৰু শিশুৰ স্বাস্থ্য আৰু জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি কৰে বুলি অধ্যয়নবোৰে প্ৰকাশ কৰে।[4][5] এইটো বিবাহৰ এক বিৰল প্ৰকাৰ যি কেৱল কৃষক পৰিয়ালৰ মাজতেই নহয় অভিজাত পৰিয়ালবোৰৰ মাজতো বিদ্যমান।[6] উদাহৰণস্বৰূপে, হিমালয় পৰ্বতমালাৰ বহুপতি প্ৰথাৰ ভূমিৰ অভাৱৰ সৈতে সম্পৰ্ক। একেগৰাকী পত্নীৰ সৈতে পৰিয়ালৰ সকলো ভাতৃৰ বিবাহে পৰিয়ালৰ ভূমি অক্ষুণ্ণ আৰু অবিভক্ত হৈ থাকিবলৈ দিয়ে। যদি প্ৰতিজন ভাতৃয়ে পৃথকে বিবাহ পাশত আৱদ্ধ হয় আৰু পৃথক স্ত্ৰীৰ সন্তান লাভ কৰে, তেতিয়া পাৰিবাৰিক ভূমি আৰু সম্পত্তি বিভক্ত হয়। ইয়াৰ বিপৰীতে, ভূমিৰ গৰাকী নোহোৱা অতি দৰিদ্ৰ ব্যক্তিসকলৰ মাজত এই প্ৰথা কম চলে, যেনে বৌদ্ধ লাডাখ আৰু জাংস্কাৰ অঞ্চল।[4] ইউৰোপত, প্ৰদানযোগ্য উত্তৰাধিকাৰৰ সামাজিক প্ৰথাৰ জৰিয়তে ভূমিবিভাজন প্ৰতিহত কৰা হৈছিল। বেছিভাগ ভাই-ভনী উত্তৰাধিকাৰী নোহোৱাৰ বাবে, তেওঁলোকৰ বহুতে ব্ৰহ্মচাৰী সন্ন্যাসী আৰু পুৰোহিত হৈ পৰিছিল।[7] প্ৰাণীজগতত একাধিক পুৰুষ সঙ্গীৰ সৈতে মিলন এক সাধাৰণ ঘটনা।[8]