বাল্য বিবাহ নিৰোধক আইন, ১৯২৯
আইন / From Wikipedia, the free encyclopedia
বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ (ইংৰাজী: Child Marriage Restraint Act, 1929) ২৮ চেপ্তেম্বৰ ১৯২৯ তাৰিখে ভাৰতৰ ইম্পেৰিয়েল বিধান পৰিষদত গৃহীত হয়। এই আইন যোগে বিবাহৰ নিম্নতম বয়স ছোৱালীৰ বাবে ১৪ বছৰ আৰু ল’ৰাৰ বাবে ১৮ বছৰ নিৰ্ধাৰণ কৰা হয়; যিটো পৰৱৰ্তী সময়ত ছোৱালীৰ বাবে ১৮ বছৰ আৰু ল’ৰাৰ বাবে ২১ বছৰলৈ সংশোধিত কৰা হয়। হৰিবিলাস সাৰদাই এই আইনখনৰ পৃষ্ঠপোষকতা কৰা বাবে ই ‘সাৰদা আইন’ নামেৰে বিশেষভাবে পৰিচিত। উত্থাপনৰ ছমাহ পিছতে ১৯৩০ চনৰ ১ এপ্ৰিলত এই আইন কাৰ্যকৰী হয়।[1][2][3] ই ভাৰতৰ সামাজিক সংস্কাৰ আন্দোলনৰ ফল। ব্ৰিটিছ কৰ্তৃপক্ষৰ পৰা শক্তিশালী বিৰোধ হোৱা সত্বেও এই বিধেযকখন ভাৰতীয় লোকৰ সংখ্যাগৰিষ্ঠতা থকা ব্ৰিটিছ ভাৰত চৰকাৰৰ দ্বাৰা ই গৃহীত হৈছিল।[4] ব্ৰিটিছ কৰ্তৃপক্ষই এই বিধেয়ক গৃহীত হোৱাৰ ফলত তেওঁলোকৰ অনুগত হিন্দু আৰু মুছলমান সাম্প্ৰদায়িক গোষ্ঠীটোৰ সমৰ্থন হেৰুওৱাৰ ভয় কৰিছিল।[5]