বৰাহ
From Wikipedia, the free encyclopedia
বৰাহ (সংস্কৃত: वराह ) হৈছে হিন্দু ধৰ্মৰ ভগৱান শ্ৰীবিষ্ণুৰ তৃতীয় অৱতাৰ।[1] ত্ৰেতা যুগত ভগৱান শ্ৰীবিষ্ণু মহাদৈত্য হিৰণ্যাক্ষক বধ কৰাৰ বাবে মৰ্ত্তলোকত বৰাহ ৰূপত অৱতীৰ্ণ হৈছিল।[2][3] পুৰাণত উল্লেখ কৰা মতে হিৰণ্যাক্ষ নামৰ মহাদৈত্য পৃথিৱী অৰ্থাৎ ধৰিত্ৰীদেৱীক মহাজাগতিক নামৰ মহাসমুদ্ৰৰ তলত নিমজ্জিত কৰি ৰাখিছিল। ভগৱান শ্ৰীবিষ্ণু বৰাহৰ ৰূপত মৰ্ত্তলোকত অৱতীৰ্ণ হৈ হিৰণ্যাক্ষক বধ কৰি ধৰিত্ৰীদেৱীক মহাসমুদ্ৰৰ পৰা উদ্ধাৰ কৰিছিল। তেওঁ ধৰিত্ৰীদেৱীক পত্নী ৰূপত গ্ৰহণ কৰিছিল। শাস্ত্ৰত বৰ্ণিত প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰ তেওঁলোকৰ পুত্ৰ।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য বৰাহ, দেৱনাগৰী ...
বৰাহ | |
---|---|
ভগৱান শ্ৰীবিষ্ণুৰ বৰাহ অৱতাৰ | |
দেৱনাগৰী | वराह |
গোত্ৰ | বিষ্ণুৰ অৱতাৰ |
অস্ত্ৰ | শঙ্খ-চক্ৰ-গদা-পদ্ম |
দাম্পত্যসঙ্গী | পৃথিৱী (ধৰণী) |
বন্ধ কৰক
শিল্পকলাত বৰাহক অৰ্ধ মনুষ্য, অৰ্ধ গাহৰিৰ ৰূপত কল্পনা কৰা হয়। তেওঁৰ চতুৰ্ভূজত শঙ্খ-চক্ৰ-গদা-পদ্ম ধাৰণ আৰু মুখত উদ্ধাৰকৃত পৃথিৱীৰ চিত্ৰত চিত্ৰাঙ্কিত কৰা হয়। বৰাহ পুৰাণ গ্ৰন্থত বৰাহৰ পূৰ্ণাঙ্গ উপখ্যান লিপিবদ্ধ কৰা হৈছে।