ভীষ্ম
From Wikipedia, the free encyclopedia
ভীষ্ম (সংস্কৃত: भीष्म , IAST: Bhīṣma, lit. 'ভীষণ') কুৰু ৰজা শান্তনু আৰু গঙ্গা দেৱীৰ অষ্টম পুত্ৰ। তেওঁক পিতামহ, গঙ্গাপুত্ৰ আৰু দেৱব্ৰত নামেৰেও জনা যায়। মহামুনি বশিষ্ঠৰ পৰা বেদ-বেদান্তৰ জ্ঞান তথা শুক্ৰাচাৰ্যৰ পৰা সকলো শাস্ত্ৰ, কলা আৰু বিজ্ঞানৰ শিক্ষা লাভ কৰা মহাবীৰ ভীষ্ম আছিল এগৰাকী অদ্বিতীয় ধনুৰ্দ্ধৰ তথা ৰাষ্ট্ৰনীতিত সুপণ্ডিত।[1] হিন্দু মহাকাব্য মহাভাৰতত উল্লিখিত কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ছোৱাত তেওঁ কৌৰৱ বাহিনীৰ মুখ্য সেনাধ্যক্ষ আছিল। পাণ্ডৱ আৰু কৌৰৱ দুয়োপক্ষৰ লগত তেওঁৰ পাৰিবাৰিক সম্পৰ্ক আছিল।
ভীষ্ম | |
---|---|
তথ্য | |
লিঙ্গ | পুৰুষ |
উপাধি | পিতামহ |
পৰিয়াল |
|
আত্মীয় | কুৰু ৰাজবংশ-চান্দ্ৰ ৰাজবংশ |
দেৱব্ৰত অৰ্থাৎ ভীষ্ম কুৰু ৰাজ্যৰ উত্তৰাধিকাৰী ৰূপে স্বীকৃত আছিল যদিও পিতৃৰ সুখৰ বাবে তেওঁ নিজৰ অধিকাৰ স্বেচ্ছাই পৰিত্যাগ কৰিছিল আৰু চিৰজীৱন ব্ৰহ্মচাৰী ৰূপে জীৱন কটাবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল। অতি কম বয়সতে এনেকুৱা সাংঘাতিক সিদ্ধান্তত উপনীত হোৱা বাবে তেওঁ ভীষ্ম নাম লাভ কৰে আৰু নিজে যিমান দিনলৈ জীয়াই থাকিব বিচাৰে, সিমান দিনলৈ জীয়াই থকাৰ বৰ লাভ কৰে। তেওঁ কুৰু ৰাজ্যৰ ৰাজনৈতিক বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ ফালে অংশগ্ৰহণ কৰিছিল। যুদ্ধৰ দশম দিনৰ দিনা পাণ্ডৱৰ যুৱৰাজ অৰ্জুনে শিখণ্ডীৰ সহায়ত অজস্ৰ বাণেৰে ভীষ্মক শৰবিদ্ধ কৰে। অৰ্জুনৰ আক্ৰমণত পক্ষাঘাতগ্ৰস্ত হৈ প্ৰায় একাৱন্নটা নিশা তেওঁ শৰশয্যাত কটাই আৰু অৱশেষত উত্তৰায়ণৰ (মকৰ সংক্ৰান্তি) দিনা নশ্বৰ দেহ ত্যাগ কৰে। মৃত্যুৰ আগমুহূৰ্তত তেওঁ সম্ৰাট যুধিষ্ঠিৰক বিষ্ণু সহস্ৰনামাখন হস্তান্তৰ কৰে।
হিন্দু সংস্কৃতিত ভীষ্মই বৃহৎ তাৎপৰ্য বহন কৰিছে। প্ৰতি বছৰে তেওঁৰ মৃত্যু বাৰ্ষিকীত ভীষ্ম অষ্টমী পালন কৰা হয় যি শুক্ল পক্ষৰ অষ্টম চান্দ্ৰ দিৱস অৰ্থাৎ মাঘ মাহৰ মাজভাগত (জানুৱাৰী–ফেব্ৰুৱাৰী) পৰে।