ভূতাপীয় শক্তি
From Wikipedia, the free encyclopedia
ভূতাপীয় শক্তি (ইংৰাজী: Geothermal Power) হৈছে পৃথিৱীৰ ভূতাপীয় ক্ষমতাৰ দ্বাৰা উৎপাদন কৰা শক্তি৷ শুষ্ক বাস্প বৈদ্যুতিক কেন্দ্ৰ, স্ফুলিংগ বাস্প বৈদ্যুতিক কেন্দ্ৰ আৰু দ্বৈত চক্ৰ বিদ্যুৎ কেন্দ্ৰ (binary cycle power station) প্ৰযুক্তি ব্যৱহাৰ কৰি এতিয়ালৈকে এই শক্তি আহৰণ কৰি থকা হৈছে৷ ভূতাপীয় বিদ্যুৎ উৎপাদন বৰ্তমানলৈকে ২৬খন দেশত সম্ভৱ হৈছে৷ [1][2] আনহাতে ভূতাপীয় উত্তপন (Geothermal Heating) ৭০ খন দেশত ব্যৱহাৰ কৰা হৈছে৷.[3]
ভূতাপীয় শক্তি হৈছে পৃথিৱীৰ ভূগৰ্ভত উৎপাদিত আৰু জমা হৈ থকা তাপ শক্তি৷ পৃথিৱীৰ ভূত্বকত থকা ভূতাপীয় শক্তি গ্ৰহটোৰ মূল গাঁথনি আৰু কিছুমান দ্ৰব্যৰ (বৰ্তমান সঠিকভাৱে অনুমান কৰিব পৰা নাই যদিও সম অনুপাতত থাকে বুলি ভবা হয়) তেজস্ক্ৰিয় পতনৰ পৰা উৎপাদিত হয়৷ [4] [5]৷ গ্ৰীক শব্দ 'জি' (γῆ (gê), অৰ্থ-পৃথিৱী) আৰু 'থাৰ্মোছ' θερμός (thermós, অৰ্থ-তাপ)ৰ পৰা Geothermal শব্দটি সৃষ্টি হৈছে৷
২০১৫ চনলৈকে গোলকীয় ভূতাপীয় সংস্থাপিত ক্ষমতাৰ পৰিমাণ আছিল ১২.৮ গিগাৱাট৷ ইয়াৰে ২৮ শতাংশ বা ৩.৫৫ গিগাৱাট শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰত সংস্থাপিত হৈছে৷ ২০২০ চন পৰ্যন্ত গোলকীয় ভূতাপীয় শক্তিৰ ক্ষমতা ১৪.৫-১৭.৬ গিগাৱাট হ'বগৈ বুলি ভবা হৈছে৷[6]
ভূতাপীয় শক্তিক সাধাৰণতে বহনক্ষম, নৱীকৰণযোগ্য শক্তিৰ উৎস হিচাপে বিবেচনা কৰা হয়৷ কাৰণ পৃথিৱীত সঞ্চিত হৈ থকা তাপৰ তুলনাত এইদৰে নিষ্কাষণ কৰা শক্তিৰ পৰিমাণ অতি কম৷ ভূতাপীয় বিদ্যুৎ কেন্দ্ৰৰ জৰিয়তে নিৰ্গমণ ঘটা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হৈছে গড় হিচাপত প্ৰতি কিলোৱাট-হাৱাৰত (এক ইউনিট) ৪৫ গ্ৰাম৷ পৰম্পৰাগত কয়লা তাপ বিদ্যুৎ কেন্দ্ৰতকৈ ৫ শতাংশ কম৷ [7]
শক্তি আৰু উত্তপণ উভয়বিধৰ বাবেই এক নৱীকৰণযোগ্য শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ ভূতাপীয় শক্তিৰ সামৰ্থ্য আছে৷ ২০৫০ চন পৰ্যন্ত গোলকীয় চাহিদাৰ ৩-৫%ক পূৰণ কৰিব পৰাকৈ এই শক্তি সমৰ্থৱান৷ অন্যহাতে, অৰ্থনৈতিক সাহায্যৰ সহায়ত ২১০০ চনত এই শক্তিয়ে গোলকীয় চাহিদাৰ ১০% শক্তি যোগান ধৰিব পৰাকৈ সক্ষম হৈ উঠিব বুলি অনুমান কৰা হৈছে৷ [8]
বৰ্তমানৰ ভূত্বকীয় জ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত আধাৰ কৰি ভূত্বকীয় শক্তি সংস্থাই (GEA) ৰাজহুৱাভাৱে ব্যক্ত কৰা সম্ভাৱনা অনুযায়ী, গোলকীয় ক্ষমতাৰ কেৱল ৬.৯ শতাংশ ভূতাপীয় শক্তিহে এতিয়ালৈকে কাৰ্যক্ষম কৰিব পৰা গৈছে৷ আনহাতে জলবায়ু পৰিৱৰ্তনৰ আন্তঃ-চৰকাৰীয় সদন(IPCC)ৰ প্ৰতিবেদন মতে, ভূতাপীয় শক্তি ৩৫ গিগাৱাটৰ পৰা ২ টেৰাৱাটৰ পৰিসৰত আছে৷ [3] ১৫ শতাংশতকৈও অধিক বিজুলী ভূতাপীয় শক্তিৰ পৰা আহৰণ কৰি থকা বৰ্তমানৰ দেশকেইখন হৈছে-এল ছালভাডোৰ, কেনিয়া, ফিলিপাইনছ্, আইচলেণ্ড, নিউজিলেণ্ড, [8] আৰু কোষ্টা ৰিকা৷