ভূপেন্দ্ৰ নাথ গোস্বামী
From Wikipedia, the free encyclopedia
ভূপেন্দ্ৰ নাথ গোস্বামী (জন্ম ১ আগষ্ট, ১৯৫০ চন) এগৰাকী ভাৰতীয় বতৰবিজ্ঞানী, Indian Institute of Tropical Meteorology (IITM) ৰ প্ৰাক্তন ডিৰেক্টৰ [1] আৰু Indian Institute of Science Education and Research ৰ এগৰাকী অধ্যাপক৷ [2] তেওঁ ভাৰতৰ মৌচুমী জলবায়ুৰ ওপৰত কৰা গৱেষণাৰ বাবে প্ৰসিদ্ধ৷ [3] ড৹ গোস্বামী ভাৰতৰ বিভিন্ন বিজ্ঞান প্ৰতিষ্ঠান যেনে ইণ্ডিয়ান নেশ্যনেল চায়েন্স একাডেমী,[4] ইণ্ডিয়ান একাডেমী অব চায়েন্সেছ,[5] নেশ্যনেল একাডেমী অব চায়েন্সেছ [6] আৰু ৱৰ্ল্ড একাডেমী অব চায়েন্সেছ[7] আদিৰ সন্মানীয় সদস্য৷ ১৯৯৫ চনত ভাৰত চৰকাৰৰ বৈজ্ঞানিক গৱেষণাৰ পৰিচালক প্ৰতিষ্ঠান কাউন্সিল অব চায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্ছ (The Council of Scientific and Industrial Research) তেওঁক বতৰবিজ্ঞানলৈ আগবঢ়োৱা মূল্যৱান অৱদানৰ স্বীকৃতি স্বৰূপে শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে৷[8]
ভূপেন্দ্ৰ নাথ গোস্বামী | |
---|---|
জন্ম | ১ আগষ্ট, ১৯৫০ (৭৩ বছৰ) পাটবাউসী, বৰপেটা জিলা, অসম, ভাৰত |
বাসস্থান | পুনে, মহাৰাষ্ট্ৰ, ভাৰত |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ |
|
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান |
|
ডক্তৰেল পৰামৰ্শদাতা |
|
জনা যায় | ভাৰতীয় মৌচুমীৰ ওপৰত কৰা গৱেষণা |
উল্লেখনীয় বঁটা |
|