ভূমিকম্প
ভূগৰ্ভৰ অশ্মমণ্ডলত হঠাতে শক্তি মুক্ত হোৱাৰ ফলত ভূ-পৃষ্ঠত সৃষ্টি হোৱা জোকাৰণি / From Wikipedia, the free encyclopedia
ভূমিকম্প বা ভূঁইকঁপ (ইংৰাজী: Earthquake) হৈছে পৃথিৱীৰ ভূগৰ্ভৰ অশ্মমণ্ডলত হঠাতে শক্তি মুক্ত হোৱাৰ ফলত ভূ-পৃষ্ঠত সৃষ্টি হোৱা জোকাৰণি। ভূগৰ্ভৰ শিলাস্তৰসমূহৰ স্থিতিস্থাপক অৱস্থাৰ সাল-সলনি নাইবা মহাকৰ্ষণীয় (ইংৰাজী: Gravitional) শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলত যি জোকাৰণিৰ সৃষ্টি হয়,আচলতে তাকেই ভূমিকম্প বোলে। ভূমিকম্পৰ জোকাৰণি কেতিয়াবা মৃদু হয় আৰু কেতিয়াবা তীব্ৰ হয়। কেতিয়াবা ই ইমান তীব্ৰ হয় যে মানুহৰ ঘৰ-দুৱাৰ ভাঙি পৰে,ভূ-পৃষ্ঠত গভীৰ ফাট মেলে,কোনো দ ঠাই ওপৰলৈ উঠি আহে আৰু কোনো বাম ঠাই তললৈ বহি যায়। ভূমিকম্পৰ উৎস হৈছে পৃথিৱীৰ অভ্যন্তৰত। পৃথিৱীৰ অভ্যন্তৰৰ যি ঠাইত কম্পন উৎপত্তি হয় তাক ভূমিকম্পটোৰ অভিকেন্দ্ৰ (Focus) বোলা হয়। অভিকেন্দ্ৰটো ভূ-পৃষ্ঠৰ পৰা বহুকিলোমিটাৰ গভীৰতালৈ থাকে। কেন্দ্ৰৰ ঠিক ওপৰৰ ধৰাপৃষ্ঠৰ বিন্দুটোক উপকেন্দ্ৰ (ইংৰাজী: Epicentre) বোলে। ভূমিকম্প বিজ্ঞানীসকলে ভূকম্পনলিখন (ইংৰাজী: Seismograph) যন্ত্ৰৰ সহায়ত ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰে।[1]