মন
বুদ্ধি আৰু বিবেকবোধৰ এক সমষ্টিগত ৰূপ / From Wikipedia, the free encyclopedia
মন (ইংৰাজী: Mind) হৈছে দৰ্শনশাস্ত্ৰৰ এক অন্যতম কেন্দ্ৰীয় ধাৰণা। মন বুলিলে সাধাৰণভাবে, বুদ্ধি আৰু বিবেকবোধৰ এক সমষ্টিগত ৰূপ যি চিন্তা, অনুভূতি, আবেগ, ইচ্ছা আৰু কল্পনাৰ মাধ্যমেৰে প্ৰকাশিত হয় তাকে বুজায়। মন কি আৰু ই কেনেকৈ কাম কৰে সেই সম্পৰ্কে অনেক ধৰণৰ তত্ত্ব প্ৰচলিত আছে। এসকলো তত্ত্বৰ চিন্তা-ভাৱনা মূলতঃ প্লেটো, এৰিষ্ট'টল আৰু অন্য প্ৰাচীন গ্ৰীক দাৰ্শনিকসকলৰ সময়ৰ পৰা আৰম্ভ হৈছিল।
জড়বাদী দাৰ্শনিকসকলৰ মতে, মানুহক মনৰ প্ৰবৃত্তি শৰীৰৰ পৰা ভিন্ন নহয়। বৰঞ্চ মানুহৰ মস্তিষ্কৰ পৰা উদ্ভূত শাৰীৰবৃত্তিক কৰ্মৰ মাধ্যমেদিয়েই মন গঢ়ি উঠে।[3]
মনৰ সঠিক সংজ্ঞা নিৰূপন কৰা সম্ভৱ নহয়। তথাপিও কোৱা হয় যে, মন হল এক বস্তু, যি নিজৰ অৱস্থা আৰু ক্ৰিয়াৰ সম্পৰ্কে সচেতন। মনৰ সৰূপ লক্ষণ হল চেতনা, যাৰ বাবে মনক জড় পদাৰ্থৰ পৰা পৃথক কৰা হয়।
মন চেতনা, উপলব্ধি, চিন্তা, সিদ্ধান্ত, ভাষা আৰু স্মৃতি সহ জ্ঞানীয় উপাদানৰ এক সংহতি। ইয়াক এটা সাধাৰণ সত্তাৰ চিন্তাভাৱনা আৰু চেতনাৰ[4] উপাদান হিচাপে সংজ্ঞায়িত কৰা হয়। ই কল্পনা, স্বীকৃতি আৰু অনুগ্ৰহৰ ক্ষমতা ধাৰণ কৰে, আৰু মনোভাব আৰু কৰ্মৰ ফলত অনুভূতি আৰু আবেগ প্ৰক্ৰিয়াকৰণৰ বাবে দায়ী। [উদ্ধৃতিৰ প্ৰয়োজন]
দৰ্শনত ধৰ্ম, মনোবিজ্ঞান আৰু জ্ঞান−বিজ্ঞানৰ এক দীৰ্ঘ ঐতিহ্য আছে যি মন আৰু ইয়াৰ বৈশিষ্টবোৰ গঠন কৰে।
প্ৰাচীন দৃষ্টিভঙ্গী দ্বৈতবাদ আৰু আদৰ্শবাদে মনত কেতিয়াো অশাৰীৰিক বুলি মানি নলয়।[5] আধুনিক দৃষ্টিভঙ্গীত প্ৰায়ে শাৰীৰিকতা আৰু কাৰ্যকাৰিতাৰ কেন্দ্ৰবিন্দুত থাকে, ই মস্তিষ্কৰ সৈতে প্ৰায় অনুৰূপ আৰু স্নায়ুসংক্ৰান্ত ক্ৰিয়াকলাপৰ সৈতে সামঞ্জস্যপূৰ্ণ।[6]
যি কি নহওক সকলোৱে এটা কথাত স্বাভাৱিকভাবে সন্মত হয় যে মন এনে এক বিষয় যাৰ ফলত ব্যক্তিবিশেষৰ সচেতনতা আৰু উদ্দেশ্যপ্ৰণোদিতভাবে পৰিবেশলৈ দৃষ্টি ৰখা আৰু কোনো ধৰণৰ উদ্দীপনাৰ প্ৰতিক্ৰিয়া দিয়া আৰু চিন্তা আৰু অনুভূতি সহ চেতনাৰ সৃষ্টি কৰে। বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্যৰ দ্বাৰা মন সম্পৰ্কে বিভিন্ন ধাৰণা পোৱা যায়। কিছুলোকে মন মানুহৰ বাবে এক সম্পত্তি হিচাপে গণ্য কিন্তু অন্য প্ৰাণী আৰু দেবতাসকলৰ বাবে অজীবিত সত্তা বুলি ভাবে।
বিশিষ্ট দাৰ্শনিক প্লেটো, ডেছকাৰ্টছ, লিবিনিজ, লক, বাৰ্কলে, হিউম, কাণ্ট, হিগছেল, শোপেনহেওৰ, ছিয়াৰেল, ডেনেট, ফডৰ, নাগেল আৰু ক্লামাৰ্ছ।[7] মনস্তাত্ত্বিক যেনে ফ্ৰয়েড আৰু জেমছ আৰু কম্পিউটাৰ বিজ্ঞানী যেনে টুৰিং আৰু পুঠাম আদিয়ে মনৰ প্ৰকৃতি সম্বন্ধে প্ৰভাবশালী বহুতো তত্ত্ব আগবঢ়াইছে। অমানৱিক মানসিকতাৰ সম্ভাৱনা কৃত্ৰিম বুদ্ধিমতাৰ ক্ষেত্ৰত উদ্ভাৱিত হয় যি চাইবাৰনেটিক আৰু তথ্য তত্ত্বৰ সৈতে সম্পৰ্কযুক্ত কাম কৰে। যন্ত্ৰৰ ভিতৰত তথ্য প্ৰক্ৰিয়াবোৰ আৰু মানহৰ মনৰ ভিৰতৰ মানসিক চেতনাৰ দৰে বুলি তুলনা কৰা হয়।
মনক চেতনা প্ৰবাহেৰ দৰে চিত্ৰিত কৰা হয় য’ত অনুভূতি আৰু মানসিক চেতনা ক্ৰমাগত পৰিবৰ্তিত হয়[8][9]