লম্ব
From Wikipedia, the free encyclopedia
লম্ব (ইংৰাজী: perpendicular) হৈছে ৯০° কোণ কৰি পৰস্পৰক ছেদ্ কৰা দুটা ৰেখা।[2] অৰ্থাৎ প্ৰাথমিক জ্যামিতিত দুটা জ্যামিতিক বস্তু যদি সমকোণত (৯০ ডিগ্ৰী বা π/২ ৰেডিয়ান) ছেদ কৰে তেন্তে লম্ব হয়। লম্বতাৰ অৱস্থাটো লম্ব চিহ্ন, ⟂ ব্যৱহাৰ কৰি চিত্ৰাংকিতভাৱে দেখুৱাব পাৰি। ইয়াক দুটা ৰেখাৰ মাজত (বা দুটা ৰেখা খণ্ডৰ মাজত), এটা ৰেখা আৰু এখন সমতল বা দুখন সমতলৰ মাজত সংজ্ঞায়িত কৰিব পাৰি।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
লম্বতা হৈছে অৰ্থোগনেলিটিৰ সাধাৰণ গাণিতিক ধাৰণাটোৰ এটা বিশেষ উদাহৰণ; লম্বতা হৈছে ধ্ৰুপদী জ্যামিতিক বস্তুৰ অৰ্থোগনেলিটি। এইদৰে উচ্চ গণিতত "লম্ব" শব্দটো কেতিয়াবা বহুত বেছি জটিল জ্যামিতিক অৰ্থোগনেলিটিৰ অৱস্থা বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়, যেনে পৃষ্ঠ আৰু ইয়াৰ অভিলম্ব ভেক্টৰৰ মাজৰ অৱস্থা।