শূন্যৰে হৰণ
From Wikipedia, the free encyclopedia
গণিতত শূন্যৰে হৰণৰ অৰ্থ হ'ল এনে বিভাজন য'ত বিভাজক ০। এনে হৰণক ক/০ বুলি লিখিব পাৰি। সাধাৰণ পাটীগণিতত ক/খ=গৰ অৰ্থ হ'ল, গ*খ=ক। পিচে ক/০=গ হ'লে, ক=গ*০ হ'ব লাগিব, যাৰ অৰ্থ হ'লে, ক=০ হ'ব লাগিব। সেয়েহে 'ক'ৰ ঠাইত যদি ০ৰ বাহিৰে আন, শূন্যতকৈ বেলেগ মূল্য থকা সংখ্যা প্ৰয়োগ কৰা হয়, উত্তৰ, গ বা ক/০ অসংজ্ঞাকৃত বুলি কোৱা হয়। যদি ক=০, তথাপিও গ বা ক/০ অসংজ্ঞাকৃত কাৰণ, যিহেতু যিকোনো সংখ্যাক ০ৰে পূৰণ কৰিলে উত্তৰত ০ই লাভ কৰা হয়, গৰ মূল্য যিকোনো সংখ্যা হ'ব পাৰে। উদাহৰণ স্বৰূপে, ০*০=০, সেয়ে গ=০ হ'ব পাৰে, ০*৩=০, সেয়ে গ=৩ও হ'ব পাৰে ইত্যাদি।
ৰাইমান গোলক, ৰিয়েল প্ৰজেক্টিভ লাইন আদিত ক/০ক সংজ্ঞা প্ৰদান কৰা হৈছে, কিন্তু তেনে প্ৰচেষ্টাই পাটীগণিতৰ আটাইতকৈ সৰল নিয়মকো সন্তুষ্ট কৰিব নোৱাৰে।
ক/০ যে অসংজ্ঞাকৃত, এই কথা সৰ্বপ্ৰথম জৰ্জ বাৰ্কলিৰ দা এনেলিষ্টত প্ৰকাশ পাইছিল।
গণক যন্ত্ৰৰ কোনো প্ৰ'গ্ৰামত শূন্যৰে বিভাজনৰ বাবে বৃহৎ ভুলৰ সৃষ্টি হ'ব পাৰে। উত্তৰত + বা - অসীম, ত্ৰুতি বাৰ্তা, অসাংখ্যিক মূল্য পাব পৰা যায়, প্ৰগ্ৰামিং এনভাইৰন্মেণ্টৰ ওপৰত নিৰ্ভৰ কৰি। প্ৰ'গ্ৰামৰ চলন বন্ধও হ'ব পাৰে।