সৃজনশীলতা আৰু মানসিক স্বাস্থ্য
From Wikipedia, the free encyclopedia
সৃজনশীলতা আৰু মানসিক স্বাস্থ্যৰ মাজৰ সংযোগৰ ধাৰণাটো মনস্তত্ত্ববিদসকল আৰু অন্যান্য গৱেষকসকলৰ মাজত কেইবা শতিকা জুৰি আলোচনা আৰু অধ্যয়নৰ বিষয় হৈ আহিছে। সৃজনশীলতা বা সৃষ্টিশীলতাক প্ৰধান মানসিক ৰোগসমূহ, যেনে দ্বিমেৰু ব্যাধি (bipolar disorder), দ্বৈত সত্তাৰ মনস্তত্ত্ব বা ছিজ'ফ্ৰেনিয়া (schizophrenia), গুৰুতৰ হতাশগ্ৰস্ততা (major depressive disorder), উদ্বিগ্নতা (anxiety disorder), অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder, OCD) আৰু ধ্যানাভাৱ আৰু অতিসক্ৰিয়তা ব্যাধি (attention deficit hyperactivity disorder, ADHD)-ৰ সৈতে সংযুক্ত কৰিব পাৰি। উদাহৰণস্বৰূপে, সৃজনশীল পেছা আৰু মানসিক ৰোগাক্ৰান্ত ব্যক্তিৰ মাজৰ সম্পৰ্ক গৱেষণা আৰু অধ্যয়নৰ জৰিয়তে দেখুওৱা হৈছে।[3] বহু উদাহৰণৰ ক্ষেত্ৰই আনকি মানসিক সমস্যাই সৃজনশীলতাক সাহায্য আগবঢ়োৱাৰ ধাৰণাক সমৰ্থন কৰে। কিন্তু এইটোও সাধাৰণভাৱে স্বীকৃত যে, সৃজনশীলতা বৰ্তি থাকিবৰ বাবে মানসিক অসুস্থতা থকাটো অপৰিহাৰ্য নহয়।
এই প্ৰবন্ধৰ বিশ্বাসযোগ্যতা প্ৰতিপন্ন কৰিবৰ বাবে আৰু অধিক চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন বা ই প্ৰাথমিক উৎসৰ ওপৰত অতি বেছি নিৰ্ভৰ কৰে। |