![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/a1/Lungs_diagram_detailed.svg/langas-640px-Lungs_diagram_detailed.svg.png&w=640&q=50)
হাঁওফাঁও
From Wikipedia, the free encyclopedia
হাঁওফাঁও (ইংৰাজী: lung) হৈছে উন্নত জীৱৰ মুখ্য শ্বাস অংগ। অধিকাংশ টেট্ৰাপ'ড, কিছু মাছ আৰু কিছু শামুকৰ হাঁওফাঁও থাকে। স্তন্যপায়ী আৰু জ়টিল জীৱবোৰৰ ৰাজহাড়ৰ কাষত হৃদযন্ত্ৰৰ দুয়ো কাষে দুটা হাঁওফাঁও থাকে। ইয়াৰ প্ৰধান কাম হৈছে বায়ুমণ্ডলৰ পৰা অক্সিজেন তেজলৈ পৰিবাহিত কৰা আৰু তেজৰ পৰা কাৰ্বন ডাই-অক্সাইড বায়ুমণ্ডললৈ নিষ্কাষণ কৰা। বায়ুৰ এই বিনিময় প্ৰক্ৰিয়াৰ বাবে এক বিশাল ক্ষেত্ৰফলৰ প্ৰযোজন হয়। বিশেষভাৱে বিকশিত বায়ুকোষ আৰু বহল তথা সংকুচিত হোৱাৰ ক্ষমতাৰ দ্বাৰা উশাহ নিশাহ লোৱাটো সম্ভৱকৰ হৈ উঠে। প্লিউৰা নামৰ আৱৰণী থকাৰ বাবে ই বুকুৰ বেৰৰ সৈতে ঘহনি নাখায়।
ক্ষিপ্ৰ তথ্য হাঁওফাঁও, সবিশেষ ...
হাঁওফাঁও | |
---|---|
![]() হাঁওফাঁওৰ চিত্ৰ | |
![]() কাৰ্টিলেজৰ দ্বাৰা সৃষ্ট পথেদি বায়ু হাঁওফাঁওত ওলোৱা সোমোৱা কৰে—ব্ৰংকাই আৰু ব্ৰংকাইল। এই ছবিত, হাঁওফাঁওৰ কলা বিৱচ্ছেদিত কৰি ব্ৰংকাইলবোৰ দেখুওৱা হৈছে | |
সবিশেষ | |
তন্ত্ৰ | শ্বাসতন্ত্ৰ |
চিনাক্তকাৰক | |
লেটিন | pulmo |
MeSH | D008168 |
TA98 | A06.5.01.001 |
TA2 | 3265 |
দেহতাত্ত্বিক পৰিভাষা |
বন্ধ কৰক
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/7/7a/Gray962.png/640px-Gray962.png)