হালধি
From Wikipedia, the free encyclopedia
হালধি (বৈজ্ঞানিক নাম: Curcuma longa) এবিধ তৃণজাতীয় গছ আৰু ইয়াৰ মৃদ্গত কাণ্ড। ইয়াৰ ৰাইজ'ম পিচিলে বা খুন্দিলে হালধীয়া ৰস ওলায়। হালধিৰ কাণ্ড কেঁচাকৈ শুকানকৈ গুৰি কৰি মছলা হিচাপে আৰু খাদ্যত ৰং দিবলৈ ব্যৱহাৰ কৰা হয়।[2] আদা গোত্ৰৰ বহুবৰ্ষজীৱী গছজোপা ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ স্থানীয় উদ্ভিদ। প্ৰতিবছৰে হালধিৰ ৰাইজ'ম চপোৱা হয়। ইয়াৰে কিছুমান ব্যৱহাৰৰ বাবে আৰু কিছুমান পৰৱৰ্তী খেতিৰ বাবে ৰখা হয়। ৰাইজ'ম সমূহ কেঁচাই বা পানীত সিজাই শুকুৱাই গুৰি কৰি ডাঠ কমলা-হালধীয়া ৰঙৰহালধি গুৰি প্ৰস্তুত কৰা হয়। খাদ্যত প্ৰাকৃতিক হালধীয়া ৰং আৰু গোন্ধ দিবলৈ এছিয়ান খাদ্যশৈলীত হালধি গুৰি বহুলভাৱে ব্যৱহৃত হয়।[3] হালধিৰ নিজা সুকীয়া সোৱাদ আৰু গোন্ধ আছে।[4][5]
হালধি | |
---|---|
হালধিৰ পুষ্পবিন্যাস | |
হালধিৰ ৰাইজ'ম আৰু গুৰি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Monocots |
(অশ্ৰেণীকৃত): | Commelinids |
বৰ্গ: | Zingiberales |
পৰিয়াল: | Zingiberaceae |
গণ: | Curcuma |
প্ৰজাতি: | C. longa |
বৈজ্ঞানিক নাম | |
Curcuma longa L.[1] | |
সমাৰ্থক | |
Curcurma domestica Valeton |
হালধি ঔষধি গুণ বিশিষ্ট। প্ৰাচীন কালৰ পৰা আয়ুৰ্বেদত হালধিক 'হৰিদ্ৰা' হিচাপে ব্যবহাৰ হৈ আহিছে।[6][7] সৌন্দৰ্য চৰ্চাতো হালধি ব্যৱহাৰ কৰা হয়। হালধি ভাৰতীয় সংস্কৃতিৰ অভিন্ন অংগ।