ৱৰ্ল্ড ৱাইড ৱেব
From Wikipedia, the free encyclopedia
ৱৰ্ল্ড ৱাইড ৱেব (ইংৰাজী: World Wide Web) বা ডব্লিউ ডব্লিউ ডব্লিউ (WWW) বা ডব্লিউ থ্ৰী (W3) বা সাধাৰণভাৱে দ্য ৱেব (the Web) হ’ল ইণ্টাৰনেটত উপলব্ধ পৰস্পৰৰ লগত হাইপাৰটেক্সটেৰে (hypertext) সংযুক্ত তথ্যৰে গঠিত এটা তথ্য প্ৰযুক্তিগত প্ৰণালী বা তন্ত্ৰ (System)।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য আৱিস্কাৰক, আৰম্ভণিৰ চন ...
ৰবাৰ্ট কাইলিয়াউয়ে বনোৱা দ্য ৱেবৰ ঐতিহাসিক ল'গ' | |
আৱিস্কাৰক | টিম বাৰ্নাৰ্ছ লী |
---|---|
আৰম্ভণিৰ চন | ১৯৯১ |
কোম্পানী | চাৰ্ন |
উপলব্ধতা | বিশ্বব্যাপী |
বন্ধ কৰক
ব্ৰিটিছ ইঞ্জিনীয়াৰ আৰু কম্পিউটাৰ বিশেষজ্ঞ চাৰ টিম বাৰ্নাৰ্ছ লীয়ে ১৯৮৯ চনৰ মাৰ্চ মাহত পুৰণা হাইপাৰটেক্সটৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি প্ৰথম ৱৰ্ল্ড ৱাইড ৱেবৰ প্ৰস্তাব দিয়ে, তেওঁ বৰ্তমান ৱৰ্ল্ড ৱাইড ৱেব কনছৰটিয়ামৰ (World Wide Web Consortium) ডাইৰেক্টৰ। ১৯৯০ চনত চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত চাৰ্ন (CERN) ৰ মুখ্য কাৰ্য্যালয়ত বাৰ্নাৰ্ছ লী আৰু বেলজিয়ামৰ কম্পিউটাৰ বিজ্ঞানী ৰ’বাৰ্ট কাইলিয়াউ-এ হাইপাৰটেক্সট ব্যৱহাৰ কৰাৰ প্ৰস্তাব দিয়ে আৰু ডিচেম্বৰ মাহত প্ৰকল্পটোৰ বিষয়ে ৰাজহুৱা ভাৱে প্ৰকাশ কৰে।