অন্নপ্ৰাশন
হিন্দু ধৰ্মালম্বীসকলৰ মাজত প্ৰচলিত শিশুক প্ৰথমবাৰৰ বাবে অন্ন খুৱাওঁতে পতা ধাৰ্মিক অনুষ্ঠান / From Wikipedia, the free encyclopedia
অন্নপ্ৰাশন (সংস্কৃত: अन्नप्राशन , Annaprāśana) হিন্দু ধৰ্মালম্বীসকলৰ মাজত প্ৰচলিত শিশুক প্ৰথমবাৰৰ বাবে অন্ন খুৱাওঁতে পতা ধাৰ্মিক অনুষ্ঠান৷ ই হিন্দু সংস্কাৰসমূহৰ ভিতৰত অন্যতম। অন্নপ্ৰাশনৰ আক্ষৰিক অৰ্থ হৈছে "খাদ্য গ্ৰহণ" বা "খাদ্য খুৱাই দিয়া"।[1] সাধাৰণতে শিশুক ছয়মাহলৈকে কেৱল মাকৰ গাখীৰ খাবলৈ দিয়া হয়। ছয়মাহ পিছত শিশুক লাহে লাহে গোটা খাদ্য খুওৱাৰ প্ৰয়োজন। গোটা খাদ্য খুওৱাৰ আৰম্ভণিতে অন্নপ্ৰাশন অনুষ্ঠিত কৰা হয়। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে অন্নপ্ৰাশন স্বাস্থ্যসন্মত। প্ৰাচীন ভাৰতীয় আন সংস্কাৰসমূহে ক্ৰমে গুৰুত্ব হেৰুৱালেও অন্নপ্ৰাশন আধুনিক কালত এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে।[1]