কাৰ্বন ডাই অক্সাইড
কাৰ্বন ডাই অক্সাইডে পৃথিৱীৰ গোলকীয় উষ্ণতা বৃদ্ধিৰো এটা কাৰক। / From Wikipedia, the free encyclopedia
কাৰ্বন ডাই অক্সাইড (ৰাসায়নিক সংকেত CO2) হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰায় ০.০৩৫ শতাংশ আগুৰি থকা (সাধাৰণ অৱস্থাত) এবিধ আম্লিক গেছ। এটা কাৰ্বন (C) পৰমাণু আৰু দুটা অক্সিজেন (O2) পৰমাণু লগ হৈ এই গেছ গঠন হয়।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এই গেছ জীৱমণ্ডলৰ বাবে অতি প্ৰয়োজন। এই গেছৰ মাধ্যমেৰে উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ এক জৈৱিক সম্পৰ্ক চলি থাকে। উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড (প্ৰাণীৰ দ্বাৰা নিৰ্গত) গ্ৰহণ কৰে আৰু বৰ্জিত দ্ৰব্য হিছাপে অক্সিজেন এৰি দিয়ে (ৰাতিৰ ভাগত)। তদুপৰি কাৰ্বনযুক্ত পদাৰ্থ দহন কৰিলে এই গেছ উৎপন্ন হয়। অগ্নেয়গিৰি উদ্গীৰণ, সামুদ্ৰিক শেলাই, কিছুমান ভেঁকুৰ আৰু সহজিৱই প্ৰাণীৰ পৰাও এই গেছ নিৰ্গত হয়।
এই গেছে ভূ-পৃষ্ঠৰপৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুণ্ডলৰ লগতে ভূ-পৃষ্ঠতো জীৱৰ বাবে উপযুক্ত উত্তাপ বিৰাজ কৰাত সহায় কৰে। অক্সিজেনৰ সৈতে এক নিৰ্দিষ্ট অনুপাত ৰক্ষা কৰি বিভিন্ন অঞ্চলৰ বৰষুণৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। উদ্ভিদৰ বৃদ্ধিত সহায় কৰে।