গ্ৰেণ্ড শ্লাম (টেনিছ)
From Wikipedia, the free encyclopedia
গ্ৰেণ্ড শ্লাম (ইংৰাজী: Grand Slam) টুৰ্ণামেণ্ট হৈছে বিশ্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ চাৰিখন বাৰ্ষিক টেনিছ টুৰ্ণামেণ্ট বা ক্ৰীড়া প্ৰতিযোগিতা। এই টুৰ্ণামেণ্টসমূহক মেজৰ নামেৰেও জনা যায়। গ্ৰেণ্ড শ্লামসমূহত আটাইতকৈ বেছি ৰেংকিং পইণ্ট আৰু প্ৰাইজমানি প্ৰদান কৰা হয়। টেনিছৰ অনুৰাগী আৰু সংবাদ মাধ্যমৰ গুৰুত্বও ই অধিক পৰিমাণে লাভ কৰাৰ লগতে কোৰ্ট বা খেলপথাৰৰ আকাৰ-আকৃতিও বৃহত্তম। এই টুৰ্ণামেণ্টসমূহত বিজয়ী হ'বলৈ পুৰুষৰ বাবে ৫ খন ছেট বা খেলাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ধাৰ্য কৰা হৈছে। অৰ্থাৎ অন্য টেনিছ প্ৰতিযোগিতাত মুঠ ৩খনৰ ২খন জিকিলেই খেলুৱৈ এগৰাকী জয়ী হোৱাৰ বিপৰীতে পুৰুষ খেলুৱৈসকলে ইয়াত ৫টা ছেটৰ ৩টাত জিকিলেহে চূড়ান্ত বিজয়ী হ'ব পাৰে। এই চাৰিখন টুৰ্ণামেণ্ট হৈছে জানুৱাৰীৰ মধ্যভাগত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন, মে'ৰ শেষৰভাগৰপৰা জুনৰ প্ৰথমভাগৰ ভিতৰত অনুষ্ঠিত ফ্ৰেন্স অপেন, জুনৰ শেষৰভাগৰপৰা জুলাইৰ প্ৰথমভাগৰ ভিতৰত অনুষ্ঠিত উইম্বলডন, আৰু আগষ্ট-ছেপ্টেম্বৰ মাহত অনুষ্ঠিত ইউ এছ অপেন। এই টুৰ্ণামেণ্টসমূহ দুসপ্তাহ ধৰি চলে।
গ্ৰেণ্ড শ্লাম |
খেলসমূহ |
---|
(জানুৱাৰী)
(মে'-জুন)
(জুন-জুলাই)
(আগষ্ট-ছেপ্টেম্বৰ) |