মহা শিৱৰাত্ৰি
শিৱ দেৱতাৰ প্ৰতি উৎসৰ্গিত হিন্দু উৎসৱ / From Wikipedia, the free encyclopedia
মহা শিৱৰাত্ৰি (ইংৰাজী: Maha Shivratri) ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়।[2][3]
ক্ষিপ্ৰ তথ্য শিৱৰাত্ৰি, পালন কৰে ...
শিৱৰাত্ৰি | |
---|---|
শিৱ লিঙ্গ | |
পালন কৰে | হিন্দু সম্প্ৰদায় |
প্ৰকাৰ | হিন্দু |
মহত্ব | আত্ম পঠন, শিৱ-পাৰ্বতীৰ বিবাহ, যোগ[1] |
তাৰিখ | ফেব্ৰুৱাৰী / মাৰ্চ |
আচাৰ | উপবাস, শিৱ লিঙ্গৰ পূজা |
সম্পৰ্কিত | শিৱ |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক
হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ "অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা"ৰ পণ স্মৰণ কৰা হয়। ইয়াত ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে।[3] কিছু ভক্ত ওৰে ৰাতি সাৰে থাকে। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়। এই প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ জনা নাযায়।[3]
কাশ্মীৰ শৈৱধৰ্মত এই উৎসৱক ভক্তসকলে হৰ-ৰাত্ৰি বা সহজ উচ্চাৰণৰ Haerath বা Herath বুলি কয়।[4][5]