From Wikipedia, the free encyclopedia
অইল ইণ্ডিয়া ফুটবল ক্লাব অসমৰ দুলীয়াজানস্থিত এক আগশাৰীৰ প্ৰখ্যাত ফুটবল ক্লাব। এই ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে প্ৰতিষ্ঠা কৰিছিল।[1]অইল ইণ্ডিয়া এফ চিয়ে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ. শ্বিল্ড, স্বাধীনতা দিৱস কাপ, বদৌচা কাপ ইত্যাদি অসমৰ বৃহৎ প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰে। পূৰ্বতে ক্লাবটোৱে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আই-লীগ দ্বিতীয় ডিভিজন আৰু ৰাজ্যৰ প্ৰথম ডিভিজন অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিছিল। [2]
সম্পূৰ্ণ নাম | অইল ইণ্ডিয়া ফুটবল ক্লাব দুলীয়াজান | ||
---|---|---|---|
প্ৰতিষ্ঠা | ১৯৬৪ চন | ||
খেলপথাৰ | নেহৰু ময়দান, দুলীয়াজান, অসম (আসন: ১০,০০০) | ||
মুখ্য প্ৰশিক্ষক | সুব্ৰত ভট্টাচাৰ্য্য | ||
লীগ | গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ | ||
|
অইল ইণ্ডিয়া এফ চি ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে উজনি অসমৰ দুলীয়াজানত গঠন কৰে। এই ফুটবল ক্লাবে আই-লীগ দ্বিতীয় ডিভিজন, পূৰ্বৰ ভাৰতীয় ফুটবল প্ৰণালীৰ দ্বিতীয় স্তৰ প্ৰতিযোগিতাৰ প্ৰথম তিনিটা সংস্কৰণত অংশগ্ৰহণ কৰিছিল।[3] ক্লাবটোক অসম তথা উত্তৰ-পূবৰ ভিতৰতে শীৰ্ষ পৰ্যায়ৰ ক্লাব হিচাপে বিবেচিত কৰা হয়।[1]
দুলীয়াজানৰ ১০,০০০ দৰ্শকৰ ক্ষমতা সম্পন্ন নেহৰু ময়দানক অইল ইণ্ডিয়া এফ চিয়ে নিজৰ ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰে।
অইল ইণ্ডিয়া এফ চিয়ে আই-লীগ দ্বিতীয় ডিভিজনৰ প্ৰথম তিনিটা সংস্কৰণত অংশগ্ৰহণ কৰিছিল, কিন্তু পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হোৱাত ব্যৰ্থ হয়। ক্লাবটোৱে অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ ২০১১-১২ সংস্কৰণৰ খিতাপ অৰ্জন কৰিছিল। ক্লাবটো অসম ক্লাব ফুটবল চেম্পিয়নশ্বিপৰ বৰ্তমানৰ চেম্পিয়ন।[1]
Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.
|
|
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.