অক্ষয় তৃতীয়া
বাৰ্ষিক হিন্দু আৰু জৈন উৎসৱ / From Wikipedia, the free encyclopedia
অক্ষয় তৃতীয়া (বা আখা তীজ) হিন্দু আৰু জৈনধৰ্মী লোকসকলে উদযাপন কৰা এক পবিত্ৰ ধৰ্মীয় তিথি[1]। প্ৰতি বছৰৰ ব'হাগ মাহৰ শুক্লা তৃতীয়া তিথিত এই পবিত্ৰ ধৰ্মীয় উৎসৱ পালন কৰা হয়। হিন্দুধৰ্মী লোকসকলে বিশ্বাস কৰে যে এই দিনটোতে সত্য যুগৰ আৰম্ভণি হৈছিল। ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল। এই দিনটোতে বেদ ব্যাস আৰু গণেশে মিলি মহাভাৰত ৰচনা আৰম্ভ কৰিছিল বুলি জনা যায়। অন্য এক জনশ্ৰুতি মতে এই শুক্লা তৃতীয়াৰ দিনটোতে ভগীৰথে গংগা নদীক সৰগৰ পৰা মৰ্ত্যলৈ বোৱাই লৈ আনিছিল। সেয়েহে এই দিনটোত গঙ্গা স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি জনবিশ্বাস আছে। এই উৎসৱ ভাৰত আৰু নেপালৰ হিন্দু তথা জৈন সকলৰ দ্বাৰা আঞ্চলিকভাবে এক শুভ সময় হিচাপে পালন কৰে[2][3]। এই উৎসৱ "ক্ষয় নোহোৱা সমৃদ্ধিৰ তৃতীয় দিন" হিচাপে চিহ্নিত।[4]