![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/44/Annapurna_devi.jpg/640px-Annapurna_devi.jpg&w=640&q=50)
অন্নপূৰ্ণা (দেৱী)
খাদ্য আৰু পুষ্টিৰ সৈতে জড়িত হিন্দু দেৱী / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটোক অন্নপূৰ্ণা দেৱী নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
অন্নপূৰ্ণা (সংস্কৃত: अन्नपूर्णा , অৰ্থ: 'খাদ্যৰে পূৰ্ণ') হৈছে খাদ্য আৰু পুষ্টিৰ সৈতে জড়িত হিন্দু ধৰ্মৰ দেৱী।[1] হিন্দু ধৰ্মত পূজা-পাৰ্বণৰ উপৰিও ভগৱান প্ৰতি খাদ্যবস্তু ভোগ হিচাপে আগবঢ়োৱা হয়। সেয়ে দেৱী অন্নপূৰ্ণাক জনপ্ৰিয় দেৱী হিচাপে গণ্য কৰা হয়। তেওঁ হৈছে শিৱৰ পত্নী পাৰ্বতীৰ আন এটা ৰূপ।[2] ভৰতচন্দ্ৰ ৰয়ে লিখা বঙালী কবিতা 'অন্নদা মঙ্গল'ত দেৱীগৰাকীক খুব প্ৰশংসা কৰা হৈছে। অন্নপূৰ্ণা সহস্ৰনামত দেৱীগৰাকীক এহাজাৰটা নামেৰে আৰু অন্নপূৰ্ণা শতনামত ১০৮টা নামেৰে স্মৰণ কৰা হৈছে।
ক্ষিপ্ৰ তথ্য অন্নপূৰ্ণা, সংস্কৃত লিপ্যন্তৰ ...
অন্নপূৰ্ণা | |
---|---|
খাদ্য আৰু পুষ্টিৰ দেৱী | |
![]() অন্নপূৰ্ণা দেৱী (সিংহাসনত বহি থকা গৰাকী) শিৱক ভিক্ষা দি থকা দেখা গৈছে, ১৮৯৫ চনৰ আনন্দ মঙ্গল নামৰ লিথ'গ্ৰাফৰ অংশ | |
সংস্কৃত লিপ্যন্তৰ | Annapūrṇa |
সংস্কৃত | अन्नपूर्णा |
সম্পৰ্ক | দেৱী, দুৰ্গা, পাৰ্বতী (আদি পৰাশক্তি)[1] |
নিবাস | কাশী কৈলাশ |
প্ৰতীক | কলহ আৰু হেতা |
সঙ্গী | শিৱ (Dashavaktra) |
বন্ধ কৰক
তেখেতৰ নামেৰে নিৰ্মাণ কৰা কেইবাটাও মন্দিৰ বৰ্তমান বিদ্যমান। আটাইতকৈ গুৰুত্বপূৰ্ণ মন্দিৰটো হৈছে বাৰাণসীৰ অন্নপূৰ্ণা দেৱী মন্দিৰ। অক্ষয়া তৃতীয়া দেৱীগৰাকীৰ জন্মদিন হিচাপে বিশ্বাস কৰা হয় আৰু সেই দিনটো মঙ্গলময় হিচাপে বিবেচনা কৰি সোণৰ গহনা ক্ৰয় কৰা হয়।[3]