অল্গা লেডিজেংস্কায়া
From Wikipedia, the free encyclopedia
অল্গা আলেকজেন্দ্ৰভনা লেডিজেংস্কায়া (ৰুছ: Óльга Алекса́ндровна Лады́женская; IPA: [ˈolʲɡə ɐlʲɪˈksandrəvnə ɫɐˈdɨʐɨnskəɪ̯ə] ( শুনক); ৭ মাৰ্চ ১৯২২ – ১২ জানুৱাৰী ২০০৪) এগৰাকী ৰাছিয়ান গণিতজ্ঞ আছিল। তেওঁ অৱকলন গণিতৰ আংশিক অৱকলনীয় সমীকৰণৰ উন্নতি সাধন কৰিছিল। ইয়াৰ সহায়ত তেওঁ তৰল গতিবিজ্ঞান আৰু হিলবাৰ্টৰ ১৯তম সমস্যা সমাধান কৰিছিল।[1] ইয়াৰ লগতে তেওঁ প্ৰথম বাৰৰ বাবে সসীম পাৰ্থক্য পদ্ধতিৰ অভিসাৰীতা প্ৰকাশ কৰা নেভিয়াৰ-ষ্টক সমীকৰণৰ প্ৰমাণ কৰিছিল। তেওঁ বিখ্যাত গণিতজ্ঞ আইভেন পেট্ৰভস্কিৰ ছাত্ৰী আছিল।[2] তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ২০০২ চনত তেওঁক লমন'চভ সোণৰ পদক প্ৰদান কৰা হৈছিল।
ক্ষিপ্ৰ তথ্য অল্গা লেডিজেংস্কায়া, জন্ম ...
অল্গা লেডিজেংস্কায়া | |
---|---|
অল্গা আলেকজেন্দ্ৰভনা লেডিজেংস্কায়া | |
জন্ম | ০৭ মাৰ্চ, ১৯২২ ক'ল'গ্ৰীভ, ছোভিয়েট সংঘ |
মৃত্যু | ১২ জানুৱাৰী, ২০০৪ (৮১ বছৰ) ছেন্ট পিটাৰ্ছবাৰ্গ, ৰাছিয়া |
জাতীয়তা | ছোভিয়েট-ৰাছিয়ান |
ক্ষেত্ৰ | আংশিক অৱকলনীয় সমীকৰণ |
কৰ্মস্থান | ছেন্ট পিটাৰ্ছবাৰ্গ বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | মস্ক বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | আইভেন পেট্ৰভস্কি চাৰগেই ছ'ব'লেভ |
উল্লেখযোগ্য বিদ্যাৰ্থী | নীনা উৰাল্ট'চেভা লুডৱিগ ফেডলীভ ব্লাডিমিৰ বুছলীভ |
জনা যায় | তৰল গতিবিজ্ঞানৰ নেভিয়াৰ-ষ্টক সমীকৰণ, হিলবাৰ্টৰ ১৯তম সমস্যা, আংশিক অৱকলনীয় সমীকৰণ |
উল্লেখনীয় বঁটা | লমন'চভ সোণৰ পদক (২০০২) |
বন্ধ কৰক
২০০৪ চনৰ ১২ জানুৱাৰী তাৰিখে ৰাছিয়াৰ ছেন্ট পিটাৰ্ছবাৰ্গত ৮১ বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে।