অশ্বনৰ
From Wikipedia, the free encyclopedia
অশ্বনৰ বা চেণ্টৰ (উচ্চাৰণ: /ˈ sentɔːr, ˈsentɑːr/ SEN-tor, SEN-tar) বা হিপ্প’চেণ্টৰ (hippocentaur) বা ইক্সিঅ’নিডিয়া (Ixionidae) হৈছে গ্ৰীক পৌৰাণিক কাহিনীৰ এটা কিংবদন্তিমূলক জীৱ। ইয়াৰ মূৰ তথা দেহৰ ওপৰৰ অংশ মানুহৰ দৰে আৰু শৰীৰৰ তলৰ অংশ তথা ভৰি ঘোঁৰাৰ দৰে আৰু ই থেছালিৰ পৰ্বতত বাস কৰে।[2] অন্য এটা শ্ৰুতিকথা অনুসৰি ভাতৃ লেপিথেছৰ সম্পৰ্কৰ ফালৰ পৰা ই কিংবদন্তিমূলক জনগোষ্ঠী লেপিথসকলৰৰ আত্মীয় আছিল আৰু চেণ্টাৰছৰ নামেৰে চেণ্টৰসকলৰ নাম ৰখা হৈছিল।
চেণ্টৰেছ (Centauress), জন লা ফৰ্জৰ চিত্ৰ | |
শ্ৰেণী | কিংবদন্তিমূলক জীৱ |
---|---|
উপশ্ৰেণী | বৰ্ণসংকৰ |
সম্পৰ্কীয় জীৱ | মিন’টৰ, ছট্যৰ, হাৰ্পি |
লোকগাথা | গ্ৰীক শ্ৰুতিকথা |
অন্য নাম | কেনটৰ (Kentaur), চেণ্টৰাছ (Centaurus), ছেজিটেৰি (Sagittary)[1] |
স্থান | গ্ৰীচ, চাইপ্ৰাছ |
বহুতো গ্ৰীক শ্ৰুতিকথা অনুসৰি চেণ্টাৰছ থেছালিৰ মেগনেচিয়া আৰু পেলিয়ন পৰ্বত, এলিছৰ ফল’ই ওক গছৰ অৰণ্য আৰু দক্ষিণ লেকনিয়াৰ মালিয়ান উপদ্বীপত বাস কৰা এবিধ মুক্ত বন্য ঘোঁৰা বুলি ভবা হয়। পৰৱৰ্তী সময়ত চেণ্টাৰছক ৰোমান পৌৰাণিক কাহিনীত মধ্যযুগীয় পশুপালনৰ চিনাকি জীৱ হিচাপে উল্লেখ কৰা হয়। অশ্বনৰসমূহ আধুনিক কল্পসাহিত্যৰো এক মূল সমল হিচাপে ব্যৱহাৰ কৰা দেখা যায়।