অৰণ্য
তুলনামূলকভাৱে বৃহৎ অঞ্চল সামৰি লোৱা গছৰ ঘন সংগ্ৰহ / From Wikipedia, the free encyclopedia
অৰণ্য বা জংঘল (ইংৰাজী: Forest) হ'ল ঘন বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ দ্বাৰা ঘেৰা এক এলেকা।[1] বিভিন্ন মাপকাঠিৰ ভিত্তিত, অৰণ্যৰ নানান ধৰনৰ সংজ্ঞা আছে।[2][3][4] ব্যাপকভাবে ব্যবহৃত[5][6] ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ সংজ্ঞা অনুযায়ী, ২০০৬ চনত অৰণ্য চাৰি বিলিয়ন হেক্টৰ (১৫ মিলিয়ন বৰ্গ মাইল) বা বিশ্বৰ ভূমিৰ প্ৰায় ৩০ শতাংশ এলেকা জুৰি আছে।[4] এই অৰণ্যাঞ্চল অনেক প্ৰাণীৰ লালনক্ষেত্ৰ হিচাপেও যেনে কাজ কৰে তেনেকৈ বিভিন্ন নদী-নলাৰ পথ পৰিবৰ্তন, মাটি সংৰক্ষণৰ দৰে কাজ কৰে। পৃথিৱীৰ জীৱমণ্ডলৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হৈছে অৰণ্য।[7] যদিও প্ৰাথমিকভাবে অৰণ্যত থকা গছৰ বৈশিষ্ট্য অনুযায়ী অৰণ্যৰ বৈশিষ্ট্য নিৰ্দিষ্ট কৰা হয়। ই হ'ল অক্সিজেনৰ এক বিপুল সৰবৰাহকাৰী। এণ্টাৰ্কটিকাক বাদ দি অন্য সকলো মহাদেশতেই অৰণ্য আছে। গ্ৰীষ্মকালত দহ ডিগ্ৰী ছেলছিয়াছৰ বেছি তাপমাত্ৰা আৰু বাৰ্ষিক ৭৫ ছেণ্টিমিটাৰ বৰ্ষাপাত হোৱা স্থান অৰণ্য গঢ়ি উঠাৰ পক্ষে উপযোগী।