আইচিছ
From Wikipedia, the free encyclopedia
আইচিছ (মিচৰীয় ভাষা:𓊨𓏏𓆇𓁐) প্ৰাচীন ইজিপ্ত অৰ্থাৎ মিচৰৰ এগৰাকী দেৱী। প্ৰাচীন ইজিপ্তৰ ধৰ্ম অনুসৰি তেওঁ এগৰাকী প্ৰধান দেৱী আছিল আৰু গ্ৰীক-ৰোমান সভ্যতাৰ সময়ত তেওঁৰ উপাসনাই প্ৰসাৰ লাভ কৰিছিল। 'প্ৰাচীন ৰাজ্য'ৰ সময়ত (প্ৰায় ২৬৮৬-২১৮১ খ্ৰীষ্টপূৰ্ব) অচাইৰিছৰ আখ্যানত ইয়াৰ এক অন্যতম চৰিত্ৰ হিচাপে আইচিছৰ উল্লেখ পোৱা যায়। এই আখ্যান অনুসৰি আইচিছে হত্যাৰ বলি হোৱা নিজৰ ভ্ৰাতৃ তথা স্বামী অচাইৰিছক পুনৰাই জীৱনদান দিয়াৰ লগতে তেওঁলোকৰ বংশধৰ হ'ৰাছৰ জন্ম দিয়ে। অচাইৰিছক সহায়ৰ হাত আগবঢ়োৱাৰ বাবেই মিচৰত মৃতকৰ আত্মা পৰলোকত প্ৰৱেশ কৰিবলৈ আইচিছে সহায় কৰে বুলি বিশ্বাস কৰা হৈছিল। ইয়াৰ লগতে তেওঁ আছিল ইজিপ্তৰ ফাৰাওসকলৰ দৈৱিক মাতৃ। সৰ্বসাধাৰণৰ ভালৰ বাবে আৰোগ্যৰ সৈতে সম্পৰ্কিত যাদুমন্ত্ৰত আইচিছক আহ্বান কৰা হৈছিল। আৰম্ভণিতে, ৰাজকীয় আচাৰ-অনুষ্ঠান আৰু মন্দিৰৰ ৰীতি-নীতিসমূহত আইচিছৰ ভূমিকা আছিল সীমিত। ইয়াৰ বিপৰীতে মৃতকৰ সৎকাৰ সম্পৰ্কীয় কাম-কাজ আৰু যাদুবিদ্যাৰ পুথি-পাঁজিত তেওঁৰ গুৰুত্ব আছিল অধিক। সাধাৰণতে কলাকৃতিসমূহত আইচিছক শিৰত সিংহাসনৰ আকৃতিৰ এক মুকুট পৰিধান কৰা নাৰী এগৰাকীৰ ৰূপত চিত্ৰিত কৰা হৈছিল। 'নতুন ৰাজ্য'ৰ সময়ত (প্ৰায় ১৫৫০-১০৭০ খ্ৰীষ্টপূৰ্ব) প্ৰাচীন ৰাজ্যৰ সময়ৰ গুৰুত্বপূৰ্ণ দেৱতা হেথ'ৰৰ বৈশিষ্ট্যসমূহ আইচিছৰ তাত ন্যস্ত হ'বলৈ ধৰে। হেথ'ৰৰ শিৰোস্ত্ৰানো (গাইগৰুৰ শিঙৰ মাজত সূৰ্য বলয়) তেওঁৰ ছবিসমূহত যোগ হয়।
আইচিছ | |
---|---|
নেফাৰটিটিৰ সমাধিত পোৱা চিত্ৰ অনুযায়ী প্ৰস্তুত কৰা আইচিছৰ ৰূপ | |
মুখ্য উপাসনাস্থল | বেহবেইট এল-হেগাৰ, ফাইলি |
প্ৰতীক | ট্যেট নামৰ একপ্ৰকাৰৰ গাঁঠি |
সঙ্গী | অচাইৰিছ, মিন, চেৰাপিছ, জ্যেষ্ঠ হ'ৰাছ |
পিতৃ-মাতৃ | গেব আৰু নূট |
সহোদৰ | অচাইৰিছ, ছেট, নেফথিছ, জ্যেষ্ঠ হ'ৰাছ |
সন্তান | হ'ৰাছ, মিন, হ'ৰাছৰ চাৰি পুত্ৰ, বেষ্টেট |
খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দত অচাইৰিছ আৰু আইচিছ সবাতোকৈ পূজিত মিচৰীয় দেৱ-দেৱীত পৰিণত হয়। আইচিছে বহুকেইগৰাকী দেৱীৰ বৈশিষ্ট্যও আহৰণ কৰে। ইজিপ্তৰ লগতে ইয়াৰ দক্ষিণৰ চুবুৰীয়া দেশ যেনে নুবিয়াৰ শাসকসকলে আইচিছৰ প্ৰতি উৎসৰ্গিত মন্দিৰ নিৰ্মাণ কৰোৱায়। ফাইলিত অৱস্থিত দেৱীগৰাকীৰ মন্দিৰটো হৈ পৰে ইজিপ্তবাসী আৰু নুবিয়াবাসীৰ ধৰ্মীয় কেন্দ্ৰ। এই কথা বিশ্বাস কৰা হৈছিল যে আইচিছৰ যাদুকৰী শক্তি আন সকলো দেৱ-দেৱীতকৈ অধিক। তেওঁ ৰাজ্যখনক শত্ৰুৰ পৰা ৰক্ষণাবেক্ষণ দিয়া বুলিও বিশ্বাস কৰা হৈছিল। ইয়াৰ লগতে তেওঁক আকাশ আৰু প্ৰাকৃতিক বিশ্বখনৰ গৰাকী বুলি গণ্য কৰা হৈছিল। কোৱা হৈছিল যে আনকি ভাগ্যৰ ওপৰতো তেওঁৰ শক্তি আছে।