আই অ চি’ত ব্যৱহৃত দেশৰ সংকেতসমূহৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
আন্তৰ্জাতিক অলিম্পিক কমিটি (ইংৰাজী: International Olympic Committee চমুকৈ IOC) হৈছে অলিম্পিক গেমছত যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য’ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়। প্ৰতিটো সংকেতেই সাধাৰণতে ৰাষ্ট্ৰীয় অলিম্পিক কমিটি (National Olympic Committee) চিহ্নিত কৰে। কিন্তু আগৰ অলিম্পিক সমূহত বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰ ক’ড ব্যৱহাৰ কৰাৰ উদাহৰণ পোৱা যায়, যেনে বিভিন্ন দেশৰ এথলিটেৰে গঢ়া দল সমূহ, বা এনে দল যি কোন দেশকে পোনপটীয়াকৈ প্ৰতিনিধিত্ব নকৰে।
কিছু সংখক আইঅ’চি সংকেত আদৰ্শ আইঅ’চি ৩১৬৬-১ আলফা-৩ সংকেততকৈ বেলেগ। অন্যান্য ক্ৰীড়া প্ৰতিষ্ঠান, যেনে ফিফা, ফিবা বা কমনৱেলথ গেমছ ফেডাৰেছন আদিয়েও নিজ দলক প্ৰকাশৰ বাবে একেধৰণৰ চমুকৈ দেশৰ বাবে একোটা সংকেত ব্যৱহাৰ কৰে।