আতন বুঢ়াগোহাঁই (-১৬৭৯) তেওঁ নাজিৰাৰ বাঁহগড়াৰ মানুহ। [1] দেউতাক আছিল আহোম ৰজাৰ ঘৰুৱা সৈন্যৰ দায়িত্বত থকা বিষয়া। তেওঁ নিজে খনিকৰ বৰুৱা ৰূপে জীৱন আৰম্ভ কৰিছিল। ১৬৬২ চনত লেচাম বুঢ়াগোহাঁইৰ মৃত্যুত জয়ধ্বজ সিংহৰপৰা আৰম্ভ কৰি চুদৈফা পৰ্বতীয়া ৰজালৈকে মুঠ আঠজনা স্বৰ্গদেউৰ তলত তেওঁ কৰ্ম কৰিছিল। চক্ৰধ্বজ সিংহৰ দিনত ৰাজমন্ত্ৰী পদবীও পাইছিল। বুঢ়াগোহাঁই এগৰাকী দক্ষ প্ৰশাসক আৰু নিষ্ঠাৱান দেশপ্ৰেমিক আছিল। জয়ধ্বজ সিংহৰ দিনত মীৰজুমলাই অসম আক্ৰমণ কৰাত বুদ্ধিৰে মোগলক অসমৰ পৰা আঁতৰাই পঠিয়াইছিল। লাচিত বৰফুকনে মোগলক খেদাইছিল তেওঁৰ মন্ত্ৰিত্বকালতে। তেওঁ গুৱাহাটীত থকাৰ সুবিধা লৈ উজনিত ডেবেৰা বৰবৰুৱাই অতপালি কৰিবলৈ ধৰাত তেওঁৰ অনুমতিক্ৰমে ডেবেৰা আৰু তেওঁৰ পুতলা ৰজা গোবৰক হত্যা কৰা হয়। ৰাজপাট শূন্য হোৱাত বিষয়াসকলে তেওঁকে ৰজা পাতিব খোজাত ইয়াতে অমান্তি হৈ চুডৈফাক সিংহাসনত বহুৱায়। এইজনা ৰজাৰ দিনত লালুকসোলা বৰফুকন ক্ষমতাশালী হৈ উঠে। লালুকসোলাই চুদৈফাক বধ কৰি ল’ৰা ৰজাক ৰাজপাটত তোলে আৰু আতনক কলিয়াবৰত বন্দী কৰি হত্যা কৰে। [2]

ক্ষিপ্ৰ তথ্য আতন বুঢ়াগোহাঁই, ৰাষ্ট্ৰীয়তা ...
আতন বুঢ়াগোহাঁই
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বন্ধ কৰক

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.