আলফ্ৰেড ন'বেল
From Wikipedia, the free encyclopedia
আলফ্ৰেড বাৰ্ণাড ন'বেল (ইংৰাজী: Alfred Bernhard Nobel; ২১ অক্টোবৰ ১৮৩৩ – ১০ ডিচেম্বৰ ১৮৯৬) এজন চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আছিল। তেখেতে ডিনামাইটৰ উদ্ভাৱন কৰিছিল। ন'বেলে ব'ফ'ৰ্ছ নামৰ লো আৰু তীখা কাৰখানটো কিনি লৈ তাক টোপ আৰু আন অস্ত্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিছিল। ন'বেলে প্ৰায় ৩৫৫ বিধ সামগ্ৰীৰ পেটেণ্ট লাভ কৰিছিল, সেইবোৰৰ ভিতৰত ডিনামাইট আছিল সকলোতকৈ বিখ্যাত। তেখেতে নিজৰ সম্পত্তিখিনি ন'বেল বঁটা প্ৰতিষ্ঠাৰ হকে দান কৰি যায়। সাংশ্লেষিক মৌল ন'বেলিয়ামক তেখেতৰ নামেৰে নামকৰণ কৰা হৈছিল। তেখেতৰ নাম আধুনিক কোম্পানী 'ডাইনামাইট ন'বেল' আৰু 'এজ্ক' ন'বেল' আদিত ব্যৱহৃত হয়। সেইকেইটা কোম্পানী ন'বেলে নিজেই প্ৰতিষ্ঠা কৰা কোম্পানীৰেই অন্য ৰূপ।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
আলফ্ৰেড ন'বেল | |
---|---|
জন্ম | আলফ্ৰেড বাৰ্ণাড ন'বেল ২১ অক্টোবৰ, ১৮৩৩ ষ্ট'কহ'ম, চুইডেন |
মৃত্যু | ১০ ডিচেম্বৰ, ১৮৯৬ (৬৩ বছৰ) ছেনাৰিম', ইটালী |
সমাধিস্থল | Norra begravningsplatsen, ষ্ট'কহ'ম 59°21′24.52″N 18°1′9.43″E |
পেচা | ৰসায়ানবিদ, অভিযন্তা, উদ্ভাৱক |
জনা যায় | ডাইনামাইটৰ উদ্ভাৱন, ন'বেল বঁটা |
স্বাক্ষৰ | |