From Wikipedia, the free encyclopedia
আসাম বেংগল ৰে’লৱে’ (ইংৰাজী: Assam Bengal Railway, চমুকৈ ABR) ব্ৰিটিছ ভাৰতৰ আৰম্ভণি কালৰ এটা ৰে’লৱে’ কোম্পানী আছিল। বেংগল এণ্ড আসাম ৰে’লৱে’ৰ পূৰ্বসূৰী এই কোম্পানীটোৰ কাৰ্যকাল আছিল ১৮৯২ চনৰ পৰা ১৯৪২ চনলৈ।[1][2][3]
অসমৰ চাহ উদ্যোগৰ উন্নয়নৰ হকে অসম বেংগল ৰে’লৱে’ কোম্পানী ১৮৯২ চনত গঠিত হয়।[4] আসাম বেংগল ৰে’লৱে’ই অসমৰ চাহ বাগিছা আৰু কয়লা খনি অধ্যুষিত অঞ্চলবোৰক চিটাগং বন্দৰৰ সৈতে সংযোজিত কৰে; যাতে সহজে অসমৰ চাহ আৰু কয়লা বিদেশলৈ লৈ যাব পৰা যায়।
১৯৪২ৰ ১ জানুৱাৰীত আসাম বেংগল ৰে’লৱে’ক ব্ৰিটিছ ভাৰত চৰকালৈ হস্তান্তৰ কৰি নতুনকৈ গঠিত বেংগল এণ্ড আসাম ৰে’লৱে’ত (B&A Railway) অন্তৰ্ভূক্ত কৰা হয়। বেংগল-আসাম ৰে’লৱে’ত ইষ্টাৰ্ণ বেংগল ৰে’লৱে’,'বেংগল-দুৱাৰ ৰে’লৱে’', যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’, চাপৰমুখ-শিলঘাট ৰে’লৱে’, 'কাটাখাল-লালাবজাৰ ৰে’লৱে’' আদি আন বহুকেইটা কোম্পানীকো চামিল কৰা হয়।[4][1][5][6]১৯৪৭ চনত ভাৰত বিভাজনৰ লগে-লগে বেংগল এণ্ড আসাম ৰে’লৱে’ৰো বিভাজন হ’ল। এই ৰে’লৱে’ৰ এটা বৃহত্তৰ অংশ, ২৬০৩.৯২ কিলোমিটাৰ পৰিল পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশত। এটা অংশ সংযুক্ত কৰা হ’ল পূব ৰে’লৱে’ৰ সৈতে। বাকী অংশটোক আসাম ৰে’লৱে’ নামকৰণ কৰি পাণ্ডুত মুখ্য কাৰ্যালয় স্থাপন কৰা হয়।[7]
১৯৪৭ চনত ভাৰত বিভাজনৰ ফলত ভাৰতত ভাগত পৰা ব্ৰড গ’জ ৰেলপথখিনি ইষ্ট ইণ্ডিয়া ৰে’লৱে’ত অন্তৰ্ভূক্ত কৰা হয়। বেংগল-আসাম ৰে’লৱে’ৰ অসম আৰু উত্তৰ বঙ্গত থকা মিটাৰ গ’জ ৰেলপথখিনিক লৈ আসাম ৰেলেৱে গঠন কৰা হয়। আসাম ৰে’লৱে’ৰ মুখ্য কাৰ্যালয় পাণ্ডুত স্থাপন কৰা হয়।[8]
১৯৫২ চনত ভাৰতীয় ৰেলক প্ৰশাসনিক সুবিধাৰ বাবে ৬টা জ’নত বিভক্ত কৰা হয়। সেই সূত্ৰে অৱধ-তিৰহুট ৰে’লৱে’, বোম্বে বৰোডা এণ্ড চেণ্ট্ৰেল ইণ্ডিয়া ৰে’লৱে’ৰ ফটেহপুৰ জিলা আদিকে ধৰি আসাম ৰে’লৱে’ৰ ২৮৫৭ কিলোমিটাৰ পথ পূৰ্বোত্তৰ ৰে’লৱে’ জ’নত অন্তৰ্ভূক্ত কৰা হয়। ১৯৫৮ চনত পূৰ্বোত্তৰ ৰে’লৱে’ৰ বিভাজন ঘটাই উত্তৰ-পূব সীমান্ত ৰে’লৱে’ গঠন কৰা হয়।[4][9][10][11] আনহাতে ইষ্ট ইণ্ডিয়া ৰে’লৱে’ৰ অন্তৰ্ভূক্ত হোৱা পূৰ্বৰ বেংগল-আসাম ৰে’লৱে’ৰ ব্ৰডগ’জ ৰেলপথখিনি পূব ৰে’লৱে’ জ’নত (Eastern Railway Zone) চামিল হয়।[12]
আনহাতে পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশত অন্তৰ্ভূক্ত হোৱা ৰেলপথখিনিক ইষ্টাৰ্ণ বেংগল ৰে’লৱে’ নাম দিয়া হয়। ১৯৬১ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে এই নাম সলাই পাকিস্তান ইষ্টাৰ্ণ ৰে’লৱে’ কৰা হয়।[13] বাংলাদেশ গঠন হোৱাৰ পাছত ই হয়গৈ বাংলাদেশ ৰে’লৱে’।[14]
আসাম বেংগল ৰে’লৱে’ই ১৮৯১ চনত বঙ্গৰ পূব অঞ্চলত ৰেলপথ বহুওৱাৰ কাম আৰম্ভ কৰে। ১৮৯৫ চনত বৰ্তমান বাংলাদেশৰ চিটাগং আৰু কুমিল্লাৰ মাজত ১৫০ কিলোমিটাৰ দৈৰ্ঘৰ ৰেলপথচোৱা চলাচলৰ বাবে মুকলি কৰা হয়। কুমিল্লা-আখাউৰা-কুলাৰা-বদৰপুৰ শাখা মুকলি কৰা হয় ১৮৯৬-১৮৯৮ চনৰ ভিতৰত। পাছলৈ এই পথচোৱা লামডিঙলৈ সম্প্ৰসাৰণ কৰা হয়।[14][15][16] ১৯০০ চনত গুৱাহাটীলৈ এটা শাখা ৰেলপথ তৈয়াৰ কৰা হয়। ১৯০২ চনত এই পথটো তিনিচুকীয়ালৈ সম্প্ৰসাৰণ কৰা হয় আৰু ১৯০৩ চনত ইয়াক ডিব্ৰু-শদিয়া ৰেলপথৰ সৈতে সংযোজিত কৰা হয়। একেটা বছৰতে আসাম বেংগল ৰে’লৱে’ই লকচমৰ পৰা নোৱাখালিলৈয়ো এটা শাখা ৰেলপথ নিৰ্মাণ কৰে।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.