From Wikipedia, the free encyclopedia
উপগ্ৰহ উৎক্ষেপণ যান (ইংৰাজী: Satellite Launch Vehicle; সংক্ষেপে SLV) ১৯৭০ দশকত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিৰ বিকাশ সাধন কৰিবলৈ আৰম্ভ কৰা এটা প্ৰকল্প। এছ এল ভি প্ৰকল্পৰ মূল লক্ষ্য আছিল এটা উন্নত মানৰ এছ এল ভি প্ৰণালীৰ (এছ এল ভি-৩) আৰ্হি তৈয়াৰ কৰা, বিকাশ সাধন কৰা আৰু তাক কাৰ্যক্ষম কৰি তোলা যাতে ইয়াৰ সহায়ত ৪০ কিলোমিটাৰ ওজনৰ উপগ্ৰহক পৃথিৱীৰ চাৰিওফালৰ ৪০০ কিলোমিটাৰ বৃত্তাকাৰ কক্ষত প্ৰক্ষেপিত কৰাৰ বিশেষ লক্ষ্য অবিলম্বে পূৰণ কৰিব পৰা যায়।[1][2]এই প্ৰকল্পটোৰ পৰিচালক আছিল ভাৰতৰ প্ৰসিদ্ধ বিজ্ঞানী ড॰ এ পি জে আব্দুল কালাম। উল্লেখযোগ্য যে ড॰ এ পি জে আব্দুল কালামৰ উপৰিও উপগ্ৰহ উৎক্ষেপণ যান প্ৰকল্পটোৰ লগত জড়িত আছিল ড॰ এছ. শ্ৰীনিবাসন, বেদ প্ৰকাশ সন্দলাস, ডি. নাৰায়ণমূৰ্তি, জি. মাধৱন নায়াৰ, এম. এছ. আৰ. দেৱ, এম. কে. আব্দুল মজিদ, ডি. শশীকুমাৰ, পি. এছ. বীৰৰাঘৱন আৰু এ. শিৱথানুপিল্লাই।[3] এছ এল ভি আছিল চাৰিটা পৰ্যায় বিশিষ্ট এখন গোটা ইন্ধনযুক্ত ৰকেট। ১৯৭৯ চনৰ আগষ্ট মাহত এছ এল ভি-৩ ৰ প্ৰথম পৰীক্ষামূলক উৰণ বিফল হয়।[4] ১৯৮০ চনৰ ১৮ জুলাইত এছ এল ভি-৩ ৰ দ্বিতীয় পৰীক্ষামূলক উৰণ সফল হয় আৰু এয়াই আছিল এছ এল ভি-৩ ৰ প্ৰথম সফল উৎক্ষেপণ।
উপগ্ৰহ উৎক্ষেপণ যান | |
কাৰ্য | সৰু উৎক্ষেপণ যান |
---|---|
Manufacturer | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা |
মূল দেশ | ভাৰত |
আকাৰ | |
Height | 22 মিটাৰ (72 ফুট) |
Diameter | 1 মিটাৰ (3.3 ফুট) |
Mass | ১৭,০০০ কেজি (৩৭,০০০ পাউণ্ড) |
ধাৰণ-ক্ষমতা | |
৪০০ কিলোমিটাৰ নিম্ন ভূ-কক্ষপথলৈ পে লোড | |
Mass | ৪০ কেজি (৮৮ পাউণ্ড) |
সহযোগী ৰকেট | |
Derivative work | এ এছ এল ভি, পি এছ এল ভি |
উৎক্ষেপণ ইতিহাস | |
বৰ্তমান স্থিতি | অৱসৰপ্ৰাপ্ত |
উৎক্ষেপণ স্থলী | শ্ৰীহৰিকোটা |
মুঠ উৎক্ষেপণ | ৪ |
সফল | ২ |
বিফল | ১ |
আংশিকভাৱে বিফল | ১ |
প্ৰথম উৰণ | ১০ আগষ্ট, ১৯৭৯ |
অন্তিম উৰণ | ১৭ এপ্ৰিল, ১৯৮৩ |
Type of passengers/cargo | ৰোহিণী |
প্ৰথম পৰ্যায় | |
Powered by | ১ গোটা |
Maximum thrust | 502.6 kN (1,13,000 lbf) |
আপেক্ষিক ঘাতবল | ২৫৩ ছেকেণ্ড |
জ্বলন কাল | ৪৯ ছেকেণ্ড |
ইন্ধন | গোটা |
দ্বিতীয় পৰ্যায় | |
Powered by | ১ গোটা |
Maximum thrust | 267 kN (60,000 lbf) |
আপেক্ষিক ঘাতবল | ২৬৭ ছেকেণ্ড |
জ্বলন কাল | ৪০ ছেকেণ্ড |
ইন্ধন | গোটা |
তৃতীয় পৰ্যায় | |
Powered by | ১ গোটা |
Maximum thrust | 90.7 kN (20,400 lbf) |
আপেক্ষিক ঘাতবল | ২৭৭ ছেকেণ্ড |
জ্বলন কাল | ৪৫ ছেকেণ্ড |
ইন্ধন | গোটা |
চতুৰ্থ পৰ্যায় | |
Powered by | ১ গোটা |
Maximum thrust | 26.83 kN (6,030 lbf) |
আপেক্ষিক ঘাতবল | ২৮৩ ছেকেণ্ড |
জ্বলন কাল | ৩৩ ছেকেণ্ড |
ইন্ধন | গোটা |
এছ এল ভিৰ চাৰিওটা উৎক্ষেপণ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰত থকা এছ এল ভি নিক্ষেপণ মঞ্চৰ পৰা কৰা হৈছিল। প্ৰথম দুটা উৎক্ষেপণ আছিল পৰীক্ষামূলক (E) আৰু পাছৰ দুটা উৎক্ষেপণ আছিল উন্নয়নমূলক (D)।[3]
ক্ৰমিক নং | শিৰোনাম | তাৰিখ / সময় (UTC) | উৎক্ষেপণ যান | উৎক্ষেপণ স্থলী | পেলোড | পেলোড ভৰ | কক্ষপথ | ব্যৱহাৰকাৰী | পৰিণাম |
---|---|---|---|---|---|---|---|---|---|
১ | SLV-3E1 | ১০ আগষ্ট, ১৯৭৯ | উপগ্ৰহ উৎক্ষেপণ যান | এছ এল ভি নিক্ষেপণ মঞ্চ | ৰোহিণী প্ৰযুক্তি পেলোড (RTP)[5] | ৩৫ কিলোগ্ৰাম | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | বিফল |
উৎক্ষেপণৰ ৩১৭ ছেকেণ্ড পাছতেই ত্ৰুটিপূৰ্ণ কপাটৰ বাবে যানখন দুৰ্ঘটনাগ্ৰস্ত হৈ বঙ্গোপসাগৰত পৰে।[3] | |||||||||
২ | SLV-3E2 | ১৮ জুলাই, ১৯৮০ | উপগ্ৰহ উৎক্ষেপণ যান | এছ এল ভি নিক্ষেপণ মঞ্চ | ৰোহিণী উপগ্ৰহ RS-1 | ৩৫ কিলোগ্ৰাম | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | সফল[3] |
এইটো আছিল ভাৰতৰ দেশীয় উৎক্ষেপণ যান এছ এল ভিৰ দ্বাৰা সফলতাৰে প্ৰক্ষেপিত প্ৰথম উপগ্ৰহ। | |||||||||
৩ | SLV-3D1 | ৩১ মে’, ১৯৮১ | উপগ্ৰহ উৎক্ষেপণ যান | এছ এল ভি নিক্ষেপণ মঞ্চ | ৰোহিণী উপগ্ৰহ RS-D1 | ৩৮ কিলোগ্ৰাম | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | আংশিকভাৱে বিফল |
নিম্ন কক্ষপথৰ বাবে ৯ দিন পাছতেই উপগ্ৰহটো নষ্ট হয়।[3] | |||||||||
৪ | SLV-3 | ১৭ এপ্ৰিল, ১৯৮৩ | উপগ্ৰহ উৎক্ষেপণ যান | এছ এল ভি নিক্ষেপণ মঞ্চ | ৰোহিণী উপগ্ৰহ RS-D2 | ৪১.৫ কিলোগ্ৰাম | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | সফল[3] |
ভূ-নিৰীক্ষণ উপগ্ৰহ | |||||||||
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.