উপপাদ্য
From Wikipedia, the free encyclopedia
উপপাদ্য (ইংৰাজী: Theorem) হৈছে জ্যামিতীয় প্ৰতিজ্ঞা। ইয়াক স্বতঃসিদ্ধ ভাৱে বা পূৰ্বে প্ৰতিস্থিত কোনো বিবৃতিৰ ভিত্তিত প্ৰমাণৰ দ্বাৰা সত্য বুলি গ্ৰহণ কৰা হয়। সেয়ে ই এক স্ব-স্বতঃসিদ্ধ বিবৃতি।[2][3][4] উপপাদ্যবোৰ একোটা স্বতঃসিদ্ধৰ যুক্তিপূৰ্ণ ফলাফল, যাৰ এক বা একাধিক যুক্তিপূৰ্ণ প্ৰমাণ থাকে। এই প্ৰমাণে উপপাদ্য একোটাক ন্যায্যতা প্ৰদান কৰে। প্ৰমাণিত উপপাদ্যৰ বৈজ্ঞানিক ভিত্তি সমূহ পৰীক্ষণ মূলক।[5][6] প্ৰতিটো উপপাদ্যই দুটা অংশযুক্ত একোটা জটিল উক্তিৰ দ্বাৰা প্ৰকাশ কৰা হয়:
- if (যদি)-ৰে আৰম্ভ হোৱা if part আৰু
- then (গতিকে/তেন্তে)-ৰে আৰম্ভ হোৱা then part।
প্ৰথম অংশটোত প্ৰদত্ত চৰ্তটো উল্লেখ থাকে বা ই ইতিমধ্যে পূৰ্বানুমান ভিত্তিত প্ৰতিস্থিত। দ্বিতীয় অংশটো প্ৰমাণ কৰিব লগা অংশ বা অজ্ঞাত অংশ। ইয়াক মন্তব্য বা সিদ্ধান্ত গ্ৰহণ কৰিব লগা (Conclusion part) বুলিও কোৱা হয়।