ঋষ্যশৃংগ
From Wikipedia, the free encyclopedia
ঋষ্যশৃংগ (সংস্কৃত: ऋष्यशृंग ) হৈছে খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ শেষৰ ফালৰ, ভাৰতীয় (হিন্দু আৰু বৌদ্ধ) শাস্ত্ৰত উল্লেখ কৰা ঋষি। হিন্দু মহাকাব্য ৰামায়ণৰ মতে, তেওঁ অপ্সৰা উৰ্বশীৰ গৰ্ভত আৰু ঋষি বিভাণ্ডকৰ ঔৰষত হৰিণৰ শিঙৰ সৈতে জন্মগ্ৰহণ কৰিছিল। তেওঁ এজন ভৱিষ্যতদ্ৰষ্টা হৈ আছিল আৰু ৰাজপৰিয়াল আদিৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে। তেওঁক যজ্ঞ আদি অনুষ্ঠানৰ বাবে আমন্ত্ৰণ কৰা হৈছিল। এনে এক যজ্ঞৰ ফলতেই ৰজা দশৰথে পুত্ৰ সন্তান লাভ কৰে। তেওঁ বৌদ্ধ জাতকাসকলৰ মাজৰ এজন বুলিও ভৱা হয়। য'ত তেওঁক বোধিসত্তৰ পুত্ৰ বুলি উল্লেখ কৰা হৈছে।