From Wikipedia, the free encyclopedia
এইচ.আই.ভি/এইড্ছ (ইংৰাজী: HIV/AIDS;সম্পূৰ্ণ নাম Acquired ImmunoDeficiency Syndrome; অৰ্থ: অৰ্জিত প্ৰতিৰোধহীনতাৰ লক্ষণ) হ'ল এইচ.আই.ভিৰ সংক্ৰমণৰ ফলত হোৱা জটিলতা। এইচ.আই.ভি. (Human Immunodeficiency Virus) দ্বাৰা সংক্ৰমণ চিকিৎসাৰ দ্বাৰা পৰিচালনা কৰিব পাৰি কিন্তু চিকিৎসা অবিহনে এইডছ (Acquired ImmunoDeficiency Syndrome)কে ধৰি বিভিন্ন অৱস্থাৰ সৃষ্টি কৰিব পাৰে।[1]
প্ৰবন্ধটোত ব্যৱহৃত সংক্ষিপ্তকৰণসমূহ AIDS: Acquired immune deficiency syndrome |
এইচ.আই.ভি সংক্ৰমিত ৰোগীৰ ফলপ্ৰসূ চিকিৎসাৰ বাবে ভাইৰাছটোক দমন কৰিবলৈ আজীৱন ঔষধ গ্ৰহণ কৰিব লাগে, যাতে ফলত ভাইৰাছৰ লোড ধৰা নপৰে। এতিয়াও এইচ.আই.ভিৰ ভেকচিন নাই আৰু ইয়াৰ নিবাৰণ পোৱা নাই। নিয়মিত ঔষধ গ্ৰহণ কৰিলে এইচ.আই.ভি সংক্ৰমিত ৰোগী এজনে স্বাভাৱিক জীৱন যাপন কৰাৰ আশা কৰিব পাৰে। [2]
Acquired অৰ্থাত এই ৰোগটো সহজাত বা জন্মগত নহয় বৰঞ্চ আয়ত্ত বা অৰ্জন কৰি লোৱা ৰোগ। Immune শব্দটো Immunology শব্দটোৰপৰা আহিছে। প্ৰত্যেক মানুহৰ দেহত ৰোগ প্ৰতিৰোধকাৰী এক বিশেষ ক্ষমতা থাকে। তেজত থকা শ্বেত ৰক্তকণিকাৰ Lymphocyte নামৰ কোষবোৰে এই ক্ষেত্ৰত বিশেষ ভূমিকা লয়। বিভিন্ন বাহ্যিক বীজাণু – ভাইৰাছ, বেক্টেৰিয়া, প্ৰট'জ'ৱা, ভেঁকুৰ ইত্যাদিয়ে শৰীৰক অনবৰতে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। এই বাহ্যিক শত্ৰুবোৰক Lymphocyte বোৰে তেজৰ লগত মিহলি হৈ থকা শৰীৰক সঞ্জিৱিত কৰা এবিধ ৰস (hormone) আৰু কিছুমান বিশেষ কোষৰ সহায়ত প্ৰতিৰোধ কৰে। তাৰ বাবে Lymphocyte বোৰে এবিধ বিশেষ বীজাণু প্ৰতিষেধক কোষৰ সৃষ্টি কৰে, সেইবোৰক এণ্টিবডি বোলে। শৰীৰৰ এই বীজাণু প্ৰতিৰোধকাৰী প্ৰক্ৰিয়াটোক Immune System বোলা হয়। Deficiency-য়ে অভাৱ বুজায় আৰু Syndrome মানে লক্ষণ।
গতিকে AIDS ৰোগটো আচলতে ৰোগ নহয়। ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা ভাগি পৰাৰ অৱস্থাটোহে। তেনে অৱস্থা শৰীৰলৈ আহি পৰিলেই সুবিধাবাদী নানানটা বীজাণুৱে শৰীৰক আক্ৰমণ কৰি শৰীৰটোক মৃত্যু মুখলৈ ঠেলি লৈ যায়। সৰল ভাষাত AIDS হ’ল এবিধ মাৰাত্মক ব্যাধি।[3]
AIDS-ৰ মূল কাৰণ হ'ল HIV (Human Immunodeficiency Virus) নামৰ ভাইৰাছবিধৰ অৱস্থিতি। এই HIV ভাইৰাছে শৰীৰক বীজাণুৰ আক্ৰমণৰপৰা ৰক্ষা কৰা কোষবোৰ আক্ৰমণ কৰে। ফলত দেহৰ ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা কমি আহি অৱশেষত সম্পূৰ্ণ নোহোৱা হৈ যায়। তাৰ ফলত বিভিন্ন বীজাণু বা দেহত থকা সুবিধাবাদী বীজাণুবোৰে (Opportunistic organism) ৰোগৰ সৃষ্টি কৰে। এই ভাইৰাছটোৰ দেহত লিপিড আৰু প্ৰটিনেৰে গঠিত আৱৰণ থাকে। ইহঁতৰ ৰোগ কালান্তৰ সময় (incubation period) ১৫ ৰ পৰা ৫৭ মাহ। মানৱ দেহত এই ভাইৰাছটোৰ স্থিতি এলিজা (ELISA)পৰীক্ষা আৰু ওৱেষ্টাৰ্ণ ব্লট (Western blot) নামৰ পৰীক্ষাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়।
এইড্ছৰ প্ৰাথমিক লক্ষণসমূহ
এইড্ছ ভাইৰাছ এজন আক্ৰান্ত ব্যক্তিৰপৰা সুস্থ মানুহৰ দেহলৈ সংক্ৰমণ কাৰকসমূহ হ'লঃ
নিবাৰণৰ উপায়:-
এইড্ছত কোনো চিকিৎসা বা নিবাৰনৰ উপায় নাই। বিভিন্ন ৰোগৰ লক্ষণ হিচাবে প্ৰতিকাৰ দিয়া হয় যদিও প্ৰতিকাৰ কৰা কঠিন। সেয়ে বিশ্ব স্বাস্থ্য পৰিষদে এইড্ছত সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কিছুমান সতৰ্কতামূলক ব্যৱস্থা উল্লেখ কৰিছে-
বিশ্ব স্বাস্থ্য সন্থাৰ (World Health Organization) মতে HIV বিশ্বব্যাপী হোৱা সংক্ৰমণত[5]২০১০ ত প্ৰায় ৩৪ নিযুত লোক আক্ৰান্ত হৈছে। [6] ইয়াৰ ভিতৰত ১৬.৮ নিযুত হৈছে মহিলা আৰু ইয়াৰ ৩.৫ নিযুত ১৫ বছৰৰ তলৰ।[6] এইড্ছত মৃত্যু হোৱা লোকৰ সংখ্যা ২০০১ চনৰ ৩.১ নিযুতৰ পৰা হ্ৰাস হৈ ২০১০ চনত ১.৮ নিযুত হয়গৈ।[6]
পৃথিৱীৰ ভিতৰত আফ্ৰিকাত এইড্ছ ৰোগীৰ সংখ্যা বেছি। ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্ছ ৰোগীৰ ৬৮% হৈছে আফ্ৰিকাৰ চাহাৰা উপ অঞ্চলৰ। [7]
এইড্ছ ৰোগীৰ ক্ষেত্ৰত দক্ষিণ পূব এচিয়া দ্বিতীয় আক্ৰান্ত অঞ্চল। ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্ছ ৰোগীৰ ১২% দক্ষিণ পূব এচিয়াৰ। [8]
অসমত ১৯৯০ চনৰ চেপ্তেম্বৰ মাহত প্ৰথম HIV ৰোগ ধৰা পৰে। তেতিয়াৰেপৰা ১ জানুৱাৰী ২০১২ লৈকে প্ৰায় ১৪,২২৪ জন HIV পজেটিভ বুলি NACO ৰ এক তথ্যত প্ৰকাশ। [9]
গোলকীয় আৰু আঞ্চলিক পৰিসংখ্যা:
HIV থকা লোক | নতুনকৈ সংক্ৰমিত-২০০৯ | মৃত্যু-২০০৯ | ||
---|---|---|---|---|
চাহাৰা উপঅঞ্চল,আফ্ৰিকা | ২২.৫ নিযুত | ১.৮ নিযুত | ১.৩ নিযুত | |
দক্ষিণ-পূব এচিয়া | ৪.১ নিযুত | ২৭০০০০০ | ২৬০০০০ | |
পূব এচিয়া | ৭৭০০০০ | ৮২০০০ | ৩৬০০০ | |
মধ্য আৰু দ: আমেৰিকা | ১.৪ নিযুত | ৯২০০০ | ৫৮০০০ | |
দ: আমেৰিকা | ১.৫ নিযুত | ৭০০০০ | ২৬০০০ | |
উ: আৰু মধ্য ইউৰোপ | ৮২০০০০ | ৩১০০০ | ৮৫০০ | |
পূব ইউৰোপ আৰু মধ্য এচিয়া | ১.৪নিযুত | ১৩০০০০ | ৭৬০০০ | |
কেৰেবিয়ান | ২৪০০০০ | ১৭০০০ | ১২০০০ | |
উ: আফ্ৰিকা | ৪৬০০০০ | ৭৫০০০ | ২৪০০০ | |
ওচেনিয়া | ৫৭০০০ | ৪৫০০০ | ১৪০০ |
অসমত সংক্ৰমিত ৰোগী সকলক বিনামূলীয়া চিকিৎসা সেৱা, ঔষধ আৰু স্বাস্থ্য পৰীক্ষা লগতে যাতায়তৰ খৰচ দিয়া হয়।[11] বৰ্তমান অসমত মুঠ ৬ টা এ.আৰ.টি কেন্দ্ৰ কেইবাখনো চিকিৎসা মহাবিদ্যায়ত আছে।[12] লগতে ১১টা লিংক এ আৰ টি কেন্দ্ৰ (২টা লিংক এ আৰ টি প্লাছ কেন্দ্ৰ) ৰাজ্যখনত আছে। এ আৰ টি পঞ্জীয়নভুক্ত ৰোগীৰ চি ডি ৪ কাউণ্টৰ বাবে ৰাজ্যৰ চাৰিখন চিকিৎসা মহাবিদ্যালয়ত চি ডি ৪ পৰীক্ষাগাৰ আছে।[12]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.