একাকীত্ব
From Wikipedia, the free encyclopedia
একাকীত্ব হৈছে ব্যক্তিবিশেষৰ অন্য ব্যক্তিৰ সৈতে সংযোগ বা সংস্পৰ্শৰ অভাৱৰ যোগেদি সৃষ্ট এক সঙ্গবিহীন, বা দূৰীভূত, বা পৃথকীকৃত অৱস্থা। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ধনাত্মক আৰু ঋণাত্মক উভয়ধৰণৰ প্ৰভাৱ থাকিব পাৰে। হস্ৰকালীন একাকীত্বক প্ৰায়েই ব্যক্তিবিশেষৰ বহিঃপ্ৰভাৱৰ পৰা দূৰৈত নিজস্ব কৰ্ম, ভাৱনা বা জিৰণিৰ সময় হিচাপে গণ্য কৰা হয়। ব্যক্তিৰ নিজস্ব একান্ততাৰ খাতিৰত হস্ৰকালীন একাকীত্বক প্ৰয়োজনীয় হিচাপে বিবেচনা কৰিব পাৰি। অৱশ্যে অনাকাংক্ষিত দীৰ্ঘকালীন একাকীত্ব সংক্ৰমিত ৰোগ, মানসিক বিসংগতি, স্নায়ৱিক বিসংগতি, জীৱিকা, কেৰিয়াৰ বা নিয়োগ উদ্ভূত মানসিক পৰিস্থিতি, আপোন ব্যক্তিৰ বিয়োগ, ঘূণে ধৰা সম্পৰ্কৰ দৰে অনিচ্ছাকৃত বাছনি ইত্যাদিৰ ফলশ্ৰুতি, অথবা ইচ্ছাকৃত বাছনি হ'ব পাৰে।
একাকীত্ব আৰু নিঃসঙ্গতাৰ মাজত এক তফাৎ আছে। একাকীত্ব আৰু নিঃসঙ্গতাই ক্ৰমে অকলে থকাৰ (বা থাকিবলগা হোৱাৰ) ক্ৰমে ধনাত্মক (হৰ্ষমূলক) আৰু ঋণাত্মক (বিমৰ্ষমূলক) পৰিস্থিতিক বুজায়। [1][2] Hannah Arendt-ই তেওঁৰ The Origins of Totalitarianism শীৰ্ষক গ্ৰন্থত লিখিছিল যে, [3]
"In solitude, in other words, I am 'by myself,' together with my self, and therefore two-in-one, whereas in loneliness I am actually one, deserted by all others."