একাদশী তিথি
From Wikipedia, the free encyclopedia
একাদশী তিথি বা একাদশী, চন্দ্ৰকলাৰ একাদশ দিন। হিন্দু দিনপঞ্জীমতে একাদশী দুবিধ, শুক্লপক্ষৰ শুক্লা একাদশী আৰু কৃষ্ণপক্ষৰ কৃষ্ণা একাদশী।[1] শুক্লা একাদশীৰ তিনিদিন পিছত পূৰ্ণিমা আৰু কৃষ্ণা একাদশীৰ তিনিদিন পিছত অমাবস্যা হয়।
হিন্দু আৰু জৈন ধৰ্মাৱলম্বী সকলে একাদশীক পৱিত্ৰ তিথি হিচাপে গণ্য কৰে। এইদিনা সাধাৰণতে ব্ৰত পালন আৰু ভগৱানক উপাসনা কৰা হয়। একাদশীৰ সময়ত বহুতে কোনো ধৰণৰ শস্য খাদ্য হিচাপে গ্ৰহণ নকৰে। একাদশী ব্ৰতত কেৱল ফল-মূল, শাক-পাচলি আৰু গাখীৰৰ পৰা প্ৰস্তুত কৰা বস্তু খোৱা নিয়ম। একাদশীৰ সূৰ্য উদয় হোৱাৰ পৰা পিছৰ দিনা সূৰ্য অস্ত যোৱালৈকে এই ব্ৰত পালন কৰা হয়।
চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি প্ৰতিটো একাদশীৰ সময় নিৰূপণ কৰা হয়।[2] চন্দ্ৰকলাৰ প্ৰথম দিনৰ পৰা পূৰ্ণিমালৈকে সময়খিনিক ১৫টা সমান ভাগ কৰা হয়। ইয়াৰ প্ৰতিটো ভাগক তিথি বোলে। চন্দ্ৰয়ে এক নিৰ্দিষ্ট দূৰত্ব অতিকে8 কৰিবলৈ নিৰ্দিষ্ট সময় লয় আৰু সেইমতে তিথিৰ দৈৰ্ঘ্য উলিওৱা হয়। এই তিথিৰ একাদশ দিনায়ে হৈছে একাদশী তিথি। শুক্লা একাদশীৰ চন্দ্ৰ পূৰ্ণিমাতকৈ ৩/৪ অংশ উজ্জ্বল আৰু সেইদৰে কৃষ্ণা একাদশী অমাবস্যাতকৈ ৩/৪ অংশ আন্ধাৰ।
সাধাৰণতে গোটেই বৰ্ষত ২৪টা একাদশী তিথি পৰে। কিন্তু অধিবৰ্ষত দুটা অতিৰিক্ত একাদশী তিথি পৰে। ধৰ্মীয় বিশ্বাস মতে প্ৰতিটো একাদশীৰ সুকীয়া মহত্ত্ব আৰু বিশেষ নীতি-নিয়ম আছে।
ভাগৱত পুৰাণৰ চতুৰ্থ অধ্যায়ৰ নৱম শ্লোকত ভগৱান বিষ্ণুৰ ভক্ত অম্বৰীশে একাদশী ব্ৰত পালনৰ কথা উল্লেখ আছে।