From Wikipedia, the free encyclopedia
একাদশ ৰুদ্ৰ বুলি ক'লে ৰুদ্ৰ দেৱতাৰ এঘাৰটা ৰূপ আৰু অনুগামীসকলক বুজায়। এইসকলৰ পৰম্পৰাসমূহ শিৱৰ সৈতে জড়িত হৈ আছে। বৈদিক পন্থা অনুসৰি এই সকল তেত্ৰিশ কৌটি দেৱতাৰ ভিতৰত এঘাৰজন দেৱতা এইসকলে গঠন কৰে।[1] কেতিয়াবা কেতিয়াবা মাৰুত বুলি পৰিচিত ধুমুহাৰ দেৱতাসকলৰ সৈতেও সম্পৰ্কিত বুলি কোৱা হয়, আনহাতে কেতিয়াবা আকৌ পৃথক বুলি গণ্য কৰা হয়।[2]
বামন পুৰাণত ৰুদ্ৰসকলক কাশ্যপ আৰু অদিতিৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে যদিও মৰুৎসকলক ৰুদ্ৰতকৈ অদিতিৰ ভগ্নী দিতিৰ ৪৯জন পুত্ৰ আৰু ইন্দ্ৰৰ পৰিচাৰক হিচাপে ৰুদ্ৰৰ পৰা পৃথকভাৱে বৰ্ণনা কৰা হৈছে।[3]
ৰামায়ণত কোৱা হৈছে যে ৰুদ্ৰসকল কাশ্যপ ঋষি আৰু তেওঁৰ পত্নী অদিতিৰ ৩৩জন সন্তানৰ ভিতৰত এঘাৰজন সন্তান, লগতে ১২জন আদিত্য, ৮জন বসু আৰু ২জন আশ্বিন, যিয়ে তেত্ৰিশপ্ৰকাৰৰ দেৱতা গঠন কৰে।[4] বামন পুৰাণতো ৰুদ্ৰসকলক কাশ্যপ আৰু অদিতিৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে।[2] মৎস্য পুৰাণ অনুসৰি সুৰভি (সকলো গৰুৰ মাতৃ আৰু "প্ৰাচুৰ্যৰ গাই") আছিল ব্ৰহ্মাৰ পত্নী আৰু তেওঁলোকৰ মিলনৰ ফলত এঘাৰজন ৰুদ্ৰৰ সৃষ্টি হৈছিল। সেই অনুসৰি ইয়াত উল্লেখ থকা নাম সমূহ হৈছে[5]:
মহাভাৰতৰ পৰিশিষ্ট হৰিবংশই কাশ্যপ আৰু সুৰভিক পতি-পত্নী হিচাপে চিত্ৰিত কৰিছে আৰু ৰুদ্ৰসকলৰ পিতৃ-মাতৃ ৰূপত তুলি ধৰিছে।[2][6] মহাভাৰতৰ আন এটা দৃষ্টান্তত ধৰ্ম (সম্ভৱতঃ যমৰ সৈতে চিনাক্ত) হৈছে ৰুদ্ৰ আৰু মৰুতৰ পিতৃ।[1]
বিষ্ণু পুৰাণত বৰ্ণনা কৰা হৈছে যে ৰুদ্ৰ (ইয়াত শিৱ বুলি চিনাক্ত কৰা হৈছে) ক্ৰোধিত ৰুদ্ৰ অৰ্দ্ধনাৰী ৰূপত আছিল। ইয়াৰে পুৰুষৰূপক তেওঁ এঘাৰটা স্বৰূপত বিভক্ত কৰি এঘাৰটা ৰুদ্ৰ গঠন কৰে। এইসমূহৰ কিছুমান শুভ্ৰ আৰু কোমল আছিল; আনহাতে আন কিছুমান আছিল আন্ধাৰৰ দৰে ক'লা আৰু উগ্ৰ। সেই অনুসৰি এই একাদশ ৰুদ্ৰ হৈছ:
আনহাতে নাৰী স্বৰূপৰ পৰা জন্ম হৈছিল এঘাৰগৰাকী ৰুদ্ৰানী আৰু তেওঁলোক আছিল ৰুদ্ৰসকলৰ পত্নী। তেওঁলোক হৈছে:
ব্ৰহ্মাই ৰুদ্ৰসকলক হৃদযন্ত্ৰৰ এঘাৰটা অৱস্থান আৰু পঞ্চ ইন্দ্ৰিয় অংগ, পঞ্চ ক্ৰিয়া অংগ আৰু মন হিচাপে বিভক্ত কৰিছিল।[4][2] আন আন পুৰাণত এইসকলক অজ, একপদ (একপাত), অহিৰবুধন্য, ত্বস্তা, ৰুদ্ৰ, হৰ, সম্ভু, ত্ৰ্যম্বক, অপৰাজিতা, ঈশান আৰু ত্ৰিভুবন বুলি কোৱা হৈছে।[4][2]
মহাভাৰত মহাকাব্যৰ এটা দৃষ্টান্তত ৰুদ্ৰসকলৰ সংখ্যা এঘাৰ আৰু তেওঁলোকৰ নাম হৈছে:
ইয়াত কপালিনক ৰুদ্ৰসকলৰ ভিতৰত আগশাৰীৰ বুলি বৰ্ণনা কৰা হৈছে যদিও[1] ভাগৱতত শংকৰকেই ৰুদ্ৰসকলৰ ভিতৰত শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছে।[7] কপালিন আৰু শংকৰ দুয়োটা শিৱৰ উপনাম।[1] আন এটা দৃষ্টান্তত তেওঁলোকক ত্বষ্ট্ৰৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে আৰু নাম দিয়া হৈছে:[1]
সাধাৰণতে ৰুদ্ৰসকলক এঘাৰজন বুলি বৰ্ণনা কৰা হৈছে যদিও মহাভাৰতৰ এটা দৃষ্টান্তত; তেওঁলোকক এঘাৰ হাজাৰ বুলি কোৱা হয় আৰু এইসকলে শিৱক আগুৰি আছে। যিটো ৰুদ্ৰৰ আন এটা নাম। [1][2] এই এঘাৰটা গোটৰ নাম দিয়া হৈছে:[1]
ভাগৱত পুৰাণ পৰ্ব ৩ অধ্যায় ৩-ত উল্লেখ আছে যে ব্ৰহ্মাৰ ক্ৰোধৰ ফলত ৰুদ্ৰৰ জন্ম হয়। পৰ্ব ৩ অধ্যায় ৩ আৰু ১২ পদত নামবোৰ তলত উল্লেখ কৰা হৈছে:
ভাগৱত পুৰাণ পৰ্ব ৬ অধ্যায় ৬-ত এঘাৰজন ৰুদ্ৰক সৰুপা আৰু ভূতৰ সন্তান বুলি কোৱা হৈছে। সৰুপা দক্ষৰ কন্যা আছিল। পৰ্ব ৬ অধ্যায় ৬-ৰ ১৭-১৮ পদত দিয়া এঘাৰজন ৰুদ্ৰৰ নাম হ’ল-
মৎস্য পুৰাণত উগ্ৰ এঘাৰ ৰুদ্ৰৰ উল্লেখ আছে:
দানৱৰ বিৰুদ্ধে যুদ্ধত বিষ্ণুক সহায় কৰা এইসকলে সিংহৰ চাল, জটা চুলি আৰু ডিঙিত সৰ্প পিন্ধে। এইসকলৰ ডিঙি হালধীয়া, ত্ৰিশূল আৰু মূৰত খোলা আৰু কপালত অৰ্ধচন্দ্ৰ থাকে। কাপালিৰ নেতৃত্বত দুয়ো মিলি হাতী দানৱ গজাসুৰক বধ কৰে।[5]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.