From Wikipedia, the free encyclopedia
একে-৪৭ (ইংৰাজী: ) হ'ল এটা গেছ-পৰিচালিত ৭.৬২x৩৯মিমি এচ্চাল্ট ৰাইফল। চোভিয়েট ৰাচিয়াৰ মিখাইল কালাচনিকভে ইয়াৰ ডিজাইন কৰিছিল। অফিচিয়েলি এভট'মেট কালাচনিকভ (ইংৰাজী: Avtomat Kalashnikova, ৰুছ: Автомат Калашникова) বুলি জনা গৈছিল। hiBa| hup|iho hiBak কালাচনিকভ, একে নামেৰেও জনা যায়। ২য় বিশ্বযুদ্ধৰ শেষৰফালে ইয়াৰ ডিজাইনৰ কাম আৰম্ভ হয়। ১৯৪৬ চনত একে-৪৬ প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰি চোৱা হয়। ১৯৪৭ চনত কিছুসংখ্যক একে-৪৭ চোভিয়েট সেনাবাহিনীক ব্যৱহাৰৰ বাবে দিয়া হয়। আৰু ১৯৪৯ চনত একে-৪৭ক চোভিয়েট সেনাই কাৰ্যকৰিভাবে গ্ৰহণ কৰে। [10]
একে-৪৭ | |
---|---|
এটা একে-৪৭ | |
প্ৰকাৰ | এচ্চাল্ট ৰাইফল |
উদ্ভাৱনকৰ্তা | চোভিয়েট য়ুনিয়ন |
ব্যৱহাৰৰ ইতিহাস | |
ব্যৱহাৰকাল | ১৯৪৯-বৰ্তমানলৈ |
উৎপাদনৰ ইতিহাস | |
নক্সাকৰ্তা | মিখাইল কালাচনিকভ্ |
নক্সা প্ৰস্তুত | ১৯৪৪-১৯৪৭[1] |
উৎপাদন কৰ্তা | ইজমাশ্ব |
উৎপাদনৰ সময় | ১৯৪৯–১৯৫৯[2] |
উৎপাদন সংখ্যা | প্ৰায় ৭৫০ কোটি[3][4] |
তথ্যৱলী | |
ওজন | মেগ্জিনৰ অবিহনে: ৩.৪৭ কেজি (৭.৭ পাউণ্ড) AK[5] ২.৯৩ কেজি (৬.৫ পাউণ্ড) AKM[6][N 1] Magazine, empty: ০.৪৩ কেজি (০.৯৫ পাউণ্ড) (early issue)[5] ০.৩৩ কেজি (০.৭৩ পাউণ্ড) (steel)[6] ০.২৫ কেজি (০.৫৫ পাউণ্ড) (plastic)[7] ০.১৭ কেজি (০.৩৭ পাউণ্ড) (light alloy)[6] Ammo weight: 16.3 g × 30 = ০.৪৯ কেজি (১.১ পাউণ্ড)[8] |
দৈৰ্ঘ্য | 880 mm (35 in) fixed wooden stock[উদ্ধৃতিৰ প্ৰয়োজন] 875 mm (34.4 in) folding stock extended[উদ্ধৃতিৰ প্ৰয়োজন] 645 mm (25.4 in) stock folded[5] |
বেৰেলৰ দৈৰ্ঘ্য | 415 mm (16.3 in) total[5] 369 mm (14.5 in) rifled[5] |
কাৰ্টিজ | 7.62×39mm M43/M67 |
কাৰ্যপদ্ধতি/একশ্যন | গেছ-চালিত |
গুলিৰ হাৰ | ৬০০ৰাউণ্ড প্ৰতি মিনিট [5] practical 40 rounds/min semi-automatic[5] 100 rounds/min fully automatic[5] |
নিক্ষেপণ বেগ | সাঁচ:Convert/m/s[5] |
কাৰ্যকৰ পাল্লা | ৪০০ মিটাৰ (440 yd) (অৰ্ধ-স্বয়ংক্ৰিয়)[9] ৩০০ মিটাৰ (330 yd) (স্বয়ংক্ৰিয়)[9] |
ফিডিং | Standard magazine capacity is 30 rounds;[5] there are also 5- 10-, 20- and 40-round box and 75- and 100-round drum magazines |
ছাইট | Adjustable iron sights with a 378 mm (14.9 in) sight radius:[5] 100–800 m adjustments (AK)[5] 100–1000 m adjustments (AKM)[7] |
ষ্ট্ৰামগৱেৰ্-৪৪ৰ পাছতে একে-৪৭ প্ৰথম এচ্চাল্ট ৰাইফলবোৰৰ এটা।[11] প্ৰথম ব্যবহাৰৰ প্ৰায় ৬ দশক পাচতো ই আটাইতকৈ বহুলভাবে ব্যৱহাৰ হয়, কিয়নো ইয়াৰ উৎপাদন ব্যয় কম, বেছি দিন টিকে আৰু সহজে ব্যৱহাৰ কৰিব পাৰি। বহুতো দেশত ইয়াৰ উৎপাদন হয় আৰু নানান দেশৰ সেনা তথা অন্যান্য বাহিনীয়ে ইয়াক ব্যৱহাৰ কৰে।
২য় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানসকলে এচ্চাল্ট ৰাইফলৰ ধাৰণাতো আনে। এই কথা দেখা গৈছিল যে বেছিভাগ গুলিয়া-গুলি কম দূৰত্ব অৰ্থাৎ প্ৰায় ৩০০মিটাৰৰ মাজতে হয়। সেয়ে তেওঁলোকে বেছি গুলি থকা মেগ্জিন আৰু মধ্যম ক্ষমতাসম্পন্ন কাৰ্ট্ৰিজৰ সৈতে এটা ৰাইফল বিছাৰিলে। যুদ্ধৰ শেষৰফালে জাৰ্মান সেনাই ষ্ট্ৰামগৱেৰ্-৪৪ ব্যৱহাৰ কৰিবলৈ লয়।
ব্ৰায়নস্কৰ যুদ্ধক্ষেত্ৰত আঘাতপ্ৰাপ্ত হৈ চিকিৎস্যালয়ত থকাৰ সময়ত মিখাইল কালাচনিকভে অস্ত্ৰ-ডিজাইনাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।[4][12] চোভিয়েট সেনাই সেমেকা, বোকাময় আৰু বৰফভৰা ঠাইত ব্যৱহাৰৰ বাবে এটা ৰাইফল বিছাৰিছিল। কালাচনিকভে আমেৰিকান এম্-১ৰ ওপৰত ভিত্তি কৰি এটা কাৰ্বাইন ডিজাইন কৰে, কিন্তু অন্য এটা কাৰ্বাইনহে বাছনি কৰা হয়। ইয়াৰ পাচতে চোভিয়েট সেনাই এটা এচ্চাল্ট ৰাইফল ব্যৱহাৰ কৰিবলৈ বিছাৰিলে। ইয়াৰ বাবে হোৱা প্ৰতিযোগিতাত কালাচনিকভৰ দলে এটি গেচ-পৰিচালিত ৰাইফলৰ ডিজাইন প্ৰদৰ্শন কৰে।
কালচনিকভৰ ৰাইফল এই প্ৰতিযোগিতাত ২য় ৰাউণ্ডৰ বাবে বাছনি কৰা হয়। ১৯৪৬ চনত কালাচনিকভৰ সহযোগী আলেকজাণ্ডাৰ জাইতচেভৰ পৰামৰ্শমতে এই ডিজাইনৰ নানান সালসলনি কৰা হয়। অৱশেষত ১৯৪৯ চনত চোভিয়েট সেনাই একে-৪৭ক বহুলভাবে ব্যৱহাৰৰ বাবে গ্ৰহণ কৰে।
একে-৪৭ক পূৰ্বৱৰ্তী কিছু ৰাইফল প্ৰযুক্তিৰ সংমিশ্ৰণ বুলিব পাৰি। এম-১ কাৰ্বাইনৰ ট্ৰিগাৰ্, ৰেমিংটন মদেল্-৮ ৰাইফলৰ চেফতি-কেছ, ষ্ট্ৰামগৱেৰ্-৪৪ৰ গেচ্-চিষ্টেম আদিৰ ব্যৱহাৰ ইয়াত দেখা যায়। অৱশ্যে কালাচনিকভে এই কথা মানি নলয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.