From Wikipedia, the free encyclopedia
এভাৰিষ্ট গেল'ৱা (ফৰাচী: [evaʁist ɡaˈlwa]) (২৫ অক্টোবৰ ১৮১১-৩১ মে' ১৮৩২) এগৰাকী ফ্ৰান্সৰ গণিতজ্ঞ আছিল আৰু তেওঁৰ জন্ম হৈছিল ব'ৰ্গ-লা-ৰেইনত। কৈশোৰ অৱস্থাতেই তেওঁ বহুপদ ৰাশিৰ সমীকৰণ এটা n-তম মূলকৰ দ্বাৰা সমাধানৰ আৱশ্যকীয় আৰু পৰ্যাপ্ত চৰ্ত নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ জৰিয়তে গণিতশাস্ত্ৰৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰো ওৰ পেলাইছিল। তেওঁৰ অৱদানে গেল'ৱা তত্ত্ব (Galois theory) আৰু সংঘ তত্ত্ব (Group theory) ৰ ভেঁটি গঠন কৰিছিল- যি দুটা হৈছে abstract algebra-ৰ দুটা মুখ্য শাখা আৰু Galois connection ৰ উপক্ষেত্ৰ। “বিন্যাস” (Permutation) ৰ group-ক বুজাবলৈ গণিতশাস্ত্ৰত কাৰিকৰী পদ ৰূপে "group" শব্দৰ ব্যৱহাৰ তেওঁৱেই পোন-প্ৰথমে কৰিছিল। ফ্ৰান্সৰ ৰজা লুইছ ফিলিপৰ ৰাজত্ব কালৰ এজন radical Republican গেল'ৱাৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হৈছিল দ্বন্দ্ব যুদ্ধ এখনত হোৱা আঘাতৰ ফলত- মাত্ৰ ২০ বছৰ বয়সত।[1]
এভাৰিষ্ট গেল'ৱা | |
---|---|
জন্ম | ২৫ অক্টোবৰ, ১৮১১ ব'ৰ্গ-লা-ৰেইন, ফ্ৰান্স |
মৃত্যু | ৩১ মে', ১৮৩২ (২০ বছৰ) পেৰিছ, ফ্ৰান্স |
জাতীয়তা | ফৰাচী |
ক্ষেত্ৰ | গণিত |
জনা যায় | Work on the theory of equations and Abelian integrals |
স্বাক্ষৰ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.